নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চার্টার্ড একাউনটেণ্টৰ একাউণ্টত সোমাইছিল সুশান্তৰ ২.৬ কোটি টকা

অভিনেতা ৰাজপুতৰ ধন অন্তর্ধানক লৈ প্রকাশ পাইছে ন ন তথ্য

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ সন্দর্ভত চি বি আই আৰু ই ডিৰ তদন্ত আগবঢ়াৰ লগে লগে নতুন নতুন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ধনৰ অবৈধ লেনদেনৰ ন ন তথ্যই প্রেমিকা ৰিয়া চক্রৱর্তীকো জটিলতাৰ মাজলৈ ঠেলি দিছে৷ শেহতীয়াকৈ সুশান্তৰ বেংক একাউণ্ট সন্দর্ভত প্রকাশ পোৱা আন এক তথ্যই চাঞ্চল্য সৃষ্টি কৰিছে৷ ২০১৯ চনৰ মে’ৰ পৰা ২০২০ চনৰ এপ্রিললৈ সুশান্তৰ একাউণ্টৰ পৰা দুজন চার্টার্ড একাউনটেণ্টলৈ ট্রেন্সফাৰ কৰা হৈছিল ২.৬৩ কোটি টকা৷ কি কাৰণত এই বিশাল পৰিমাণৰ ধন চি এৰ একাউণ্টলৈ ট্রেন্সফাৰ কৰা হৈছিল, তাক লৈ তীব্র চর্চা হৈছে৷ স্বাভাৱিকতে অনুসন্ধানকাৰীসকলে বিষয়টো গুৰুত্বসহকাৰে লৈছে৷ লক্ষণীয় বিষয়টো হ’ল– চি এৰ একাউণ্টলৈ এই বিশাল ধনৰ ট্রেন্সফাৰৰ সময়খিনিতে ৰিয়া আৰু সুশান্তৰ মাজৰ প্রেম তুংগত আছিল৷ দুয়োৰে মাজত প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল ২০১৯ চনৰ এপ্রিলত৷ সুশান্তৰ সৈতে প্রেমপাশত আবদ্ধ হোৱাৰ পাছতেই তেওঁৰ বিত্তীয় লেনদেনতো হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল ৰিয়াই৷ তদুপৰি সুশান্ত মানসিক হতাশাগ্রস্ততাত ভোগাৰ অজুহাতত তেওঁৰ ব্যৱসায়িক কাম–কাজো চলাইছিল ৰিয়া আৰু তেওঁৰ পৰিয়ালে৷ আনহাতে, যোৱা সপ্তাহত সুশান্তৰ চি এ সন্দীপ শ্রীধৰে বিগত এবছৰত সুশান্তৰ একাউণ্টৰ পৰা সামান্য পৰিমাণৰ ধনহে ৰিয়াৰ একাউণ্টলৈ ট্রেন্সফাৰ হোৱা বুলি দাবী কৰিলেও ই ডিৰ অনুসন্ধাকাৰীয়ে তেওঁৰ ভাষ্য বিশ্বাসত লোৱা নাছিল৷ ইয়াৰ মাজতে শেহতীয়া তথ্যই চি এজনৰ বিশ্বাসযোগ্যতাক লৈ নতুন প্রশ্ণৰ অৱতাৰণা কৰিছে৷ আনহাতে, সুশান্তই তেওঁৰ ভগ্ণীৰ নামত ৪.৫ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰিছিল৷ কিন্তু ফিক্সড ডিপ’জিট একাউণ্টটোত বর্তমান জমাধনৰ পৰিমাণ ২ কোটিলৈ হ্রাস পাইছে৷ ঘনিষ্ঠ সূত্র মতে, বেংক একাউণ্টৰ পৰা সঘন ধন অন্তর্ধান হোৱা ঘটনাত চিন্তিত হৈ পৰিছিল সুশান্ত৷
দিশা–সুশান্তৰ আত্মহত্যাৰ যুগসূত্র সন্দর্ভতো তদন্ত কৰিব চিবিআয়ে
মৃত্যুৰ বহু পূর্বেই পৰিয়ালৰ লোকে অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনক লৈ সংশয় প্রকাশ কৰিছিল৷ ২৫ ফেব্রুৱাৰীতে অর্থাৎ সুশান্তৰ আত্মহত্যাৰ চাৰে তিনি মাহ পূর্বে সুশান্তৰ পিতৃয়ে এই আশংকাৰ বিষয়ে জনাইছিল মুম্বাই আৰক্ষীক৷ কিন্তু বান্দ্রা থানাই এই সন্দর্ভত লোৱা নাছিল কোনো পদক্ষেপ৷ মুম্বাই আৰক্ষীৰ মতে সুশান্তৰ পিতৃয়ে তেওঁৰ আশংকা সন্দর্ভত কোনো লিখিত অভিযোগ দাখিল কৰা নাছিল৷ চি বি আই তদন্তৰ আৰম্ভণিতে এই সন্দর্ভত তদন্তকাৰী বিষয়াই শীর্ষ আৰক্ষী বিষয়াকো সোধা–পোছা কৰাৰ সম্ভাৱনা আছে৷ সুশান্তৰ মৃত্যুক লৈ কেইবাটাও ৰহস্যজনক ঘটনা সন্দর্ভত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে মনোনিৱেশ কৰাৰ সম্ভাৱনা আছে৷ সুশান্তৰ মৃত্যুৰ মাত্র ছদিন পূর্বে কেইবামহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা অভিনেতাজনৰ প্রাক্তন মেনেজাৰ দিশা ছালিয়ানে কি কাৰণত চৰম পথ বাছি লৈছিল, সেই সন্দর্ভতো চি বি আয়ে তদন্ত চলাব৷ এই সন্দর্ভত মুম্বাই আৰক্ষীয়ে এতিয়াও সন্তোষজনক প্রতিবেদন দাখিল কৰিব পৰা নাই৷ মুম্বাইত সুশান্তৰ মৃত্যুৰ তথ্য সংগ্রহ কৰিবলৈ যোৱা বিহাৰ আৰক্ষীৰ তদন্তকাৰী দলকো মুম্বাই আৰক্ষীয়ে দিশাৰ আত্মহত্যাৰ বিতং তথ্য প্রদান কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে৷ ইতিমধ্যে সন্দেহ কৰা হৈছে যে সুশান্ত আৰু দিশাৰ মৃত্যুৰ মাজত কোনো যোগসূত্র থাকিব পাৰে৷ ঘনিষ্ঠ মহলৰ মতে আত্মহত্যা কৰাৰ এদিন পূর্বে দিশাই সুশান্তৰ সৈতে ফোনত কথা পাতিছিল৷ কোনো গোপন তথ্যৰ বিষয়ে তেওঁ সুশান্তক জনাইছিল বুলিও চর্চা হৈছে৷ ইয়াৰ পাছতে সুশান্তই কেইবাবাৰো ম’বাইলৰ ছিম সলনি কৰা বুলিও প্রকাশ পাইছে৷ ইপিনে আজি ইডিয়ে সুশান্তৰ জ্যেষ্ঠ ভগ্ণী মিতু সিঙক মাতি পঠিয়ায়৷ দীর্ঘসময় ধৰি ইডিয়ে মিতুক সোধা–পোছা কৰে৷ তদুপৰি সুশান্তৰ সহযোগী সিদ্ধার্থ পিথানীকো আজি ইডিৰ অনুসন্ধানকাৰী দলে জেৰা কৰে৷

You might also like