নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ দেশৰ শীর্ষ আদালতে মঙলবাৰে হিন্দু পৰিয়ালত কন্যা সন্তানৰ সম্পত্তিৰ অধিকাৰক লৈ গুৰুত্বপূর্ণ ৰায়দান কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত উল্লেখ কৰা হৈছে যে সংশোধিত হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি পুত্রৰ সমানে কন্যা সন্তানো সম্পত্তিৰ সম–ধিকাৰী৷ শীর্ষ আদালতখনত ন্যায়াধীশ অৰুণ মিশ্র, এছ নাজিৰ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে ৰায়দানৰ সময়ত উল্লেখ কৰিছে যে ২০০৫ চনত হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইন বলৱতৰ পূর্বে পিতৃৰ মৃত্যু হ’লেও তেনে কন্যা সন্তানে সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব৷ যৌথ হিন্দু পৰিয়ালত কন্যা সন্তানৰ সম্পত্তিৰ ওপৰত পুত্রৰ সমানেই কর্তৃত্ব থাকিব বুলি বিচাৰপীঠেখনে এই গুৰুত্বপূর্ণ ৰায়দান কৰাৰ পাছতে বিষয়টোক বিভিন্ন মহলে আদৰণি জনাইছে৷ বিচাৰপীঠখনৰ ৰায় ঘোষণা কৰি ন্যায়াধীশ অৰুণ মিশ্রই কয় যে পুত্রৰ দৰে কন্যা সন্তানকো পৈতৃক সম্পত্তিৰ সমান অধিকাৰ দিয়া উচিত৷ কন্যা সন্তান বিয়া হৈ যোৱাৰ পাছতো সন্তানৰ মর্যাদাৰ পৰা আঁতৰি নাযায়৷ অর্থাৎ সন্তান হিচাপে পুত্র–কন্যা উভয়ৰে থাকে পৈতৃক সম্পত্তিৰ ওপৰত সমাধিকাৰ৷ হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইনৰ উদ্দেশ্যই আছিল পুত্র আৰু কন্যাৰ মাজত সম্পত্তিৰ ক্ষেত্রত থকা বৈষম্য আঁতৰ কৰা৷ গতিকে এই আইন বলৱৎ হোৱাৰ পূর্বে পিতৃৰ মৃত্যু হ’লেও তেনে পৰিয়ালত কন্যা সন্তান সম্পত্তিৰ সমান উত্তৰাধিকাৰী হ’ব বুলি উল্লেখ কৰে ন্যায়াধীশ মিশ্রই৷ স্মর্তব্য যে ১৯৫৬ চনত হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ চনত সংশোধন কৰা হৈছিল৷ এই সংশোধনী অনুসৰি পৈতৃক সম্পত্তিৰ ওপৰত কন্যা আৰু পুত্র সন্তানক সমান অধিকাৰ প্রদান কৰা হৈছিল৷ এইক্ষেত্রত কন্যা সন্তানৰ বিবাহৰ বিষয়টোৰ কোনো সম্পর্ক নাই বুলি আজি স্পষ্ট কৰি দিছে শীর্ষ আদালতৰ বিচাৰপীঠখনে৷
You might also like