নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালকিল্লা ধ্বংসযজ্ঞ চলোৱা ২০০ প্রতিবাদী কৃষকক গ্রেপ্তাৰ

কৃষক আন্দোলনৰ হিংসাত্মক ৰূপক ধিক্কাৰ

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ বিস্ফোৰক পৰিস্থিতিৰ মাজত দেশৰ ৰাজধানী নতুন দিল্লী৷ কৃষকৰ হিংসাত্মক প্রতিবাদসৃষ্ট পৰিস্থিতিক লৈ ৰাজধানী দিল্লীত সম্প্রতি উত্তেজনা অব্যাহত আছে৷ গণৰাজ্য দিৱসৰ দিনাই কৃষকৰ ট্রেক্টৰ সমদলে হিংসাত্মক ৰূপ লোৱাত ৰাজধানী চহৰখনত অতিৰিক্তকৈ মোতায়েন কৰা হৈছে অর্ধসামৰিক বাহিনী৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ বৈঠকত ৰাজধানী চহৰখনত অতিৰিক্তকৈ অর্ধসামৰিক বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে পঞ্জাব আৰু হাৰিয়ানাত হাই এলার্ট জাৰি কৰা হৈছে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কালি শান্তিপূর্ণভাৱে ৰাজধানী চহৰৰ ১০০ কিলোমিটাৰ ভিতৰলৈ কৃষকৰ ট্রেক্টৰ সমদলৰ অনুমতি দিয়াৰ পাছত  কৃষকসকলে ট্রেক্টৰ সমদল আৰক্ষীৰ সৈতে হোৱা আলোচনা অতিক্রম কৰি ঐতিহাসিক লালকিল্লাত প্রৱেশ কৰি হিংসাত্মক কার্যকলাপত লিপ্ত হোৱাৰ লগতে ঐতিহাসিক পুৰাতন ঐতিহ্যৰো ক্ষতি কৰিছে৷ নির্ধাৰিত কৰি দিয়া পথ অতিক্রম কৰি আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড প্রতিবাদী ট্রেক্টৰ সমদলে ভাঙি–ছিঙি আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীক আক্রমণৰ লক্ষ্য কৰি লয়৷

প্রতিবাদী কৃষক আৰু আৰক্ষীৰ মাজত হোৱা সংঘর্ষত ৩০০তকৈ অধিক আৰক্ষী–জোৱান আহত হোৱাৰ লগতে লালকিল্লাগামী এজন কৃষকৰ বাটতে মৃত্যু হৈছে৷ দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে, ট্রেক্টৰ সমদল কৰা কৃষকসকলে নিজৰ লগত তৰোৱাল আৰু কৃপান লগত লৈ আহিছিল৷ নিৰাপত্তাত থকা আৰক্ষীৰ জোৱানক এই প্রতিবাদী কৃষকসকলে আক্রমণ কৰে৷ আনপিনে লালকিল্লালৈ আগবঢ়া কৃষকক আৰক্ষীয়ে বাধা প্রদান কৰি কন্দুৱা গেছ আৰু লাঠীচালনা কৰাত পৰিস্থিতি অধিক অৱনতি ঘটে৷ গণৰাজ্য দিৱসৰ দিনাই ৰাজধানী দিল্লীত প্রতিবাদী কৃষক আৰু আৰক্ষীৰ মাজত সংঘর্ষত আৰক্ষী জোৱান ৩ শতাধিক আহত হোৱাৰ লগতে কেইবাজনো প্রতিবাদকাৰী কৃষক আহত হৈছে৷ কালিৰ এই হিংসাত্মক ঘটনাক লৈ দিল্লী আৰক্ষীয়ে ইতিমধ্যে ২২টা গোচৰ ৰুজু কৰিছে আৰু সোধা–পোছাৰ বাবে দুই শতাধিক লোকক আটক কৰিছে৷

দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৫ ধাৰা, ৩৯৭ আৰু ১২০ (খ)ৰ অধীনত ৰুজু কৰিছে ২২টা গোচৰ৷ আটকাধীন দুই শতাধিক লোকৰ অধিকাংশক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলিও আৰক্ষীয়ে প্রকাশ কৰিছে৷ দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কালিৰ কৃষকৰ হিংসাত্মক প্রতিবাদ সন্দর্ভত অনুসন্ধান চলাব৷ ঐতিহাসিক লালকিল্লাত কৃষক প্রতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পাছতেই ৰাজধানী চহৰখনৰ পৰিস্থিতি বিস্ফোৰক হৈ আছে৷ তাৎপর্যপূর্ণ যে উচ্চতম ন্যায়ালয়ে কৃষকৰ ২৬ জানুৱাৰীৰ ট্রেক্টৰ সমদলক লৈ দিল্লী আৰক্ষীক সিদ্ধান্ত গ্রহণৰ নির্দেশ দিয়াৰ পাছতেই দিল্লী আৰক্ষীয়ে ৪০ প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে আলোচনামর্মে ট্রেক্টৰ সমদলৰ অনুমতি দিয়ে৷ দিল্লী আৰক্ষীয়ে সীমান্তৰ সিংঘু, টিক্রী আৰু গাজীপুৰ সীমান্তৰ পৰা ৰাজধানী চহৰখনলৈ ১০০ কিলোমিটাৰ ভিতৰত প্রৱেশৰ অনুমতি দিয়ে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে উদ্যাপন কৰা গণৰাজ্য দিৱসৰ কার্যসূচী ১১.৩০ বজাত সামৰণি পৰাৰ পাছতহে এই সমদলৰ অনুমতি দিয়াৰ লগতে নির্দিষ্টকৈ পথ নির্ধাৰণ কৰি দিছিল৷ কিন্তু প্রতিবাদী কৃষকৰ ট্রেক্টৰ সমদলে আৰক্ষীৰ সৈতে হোৱা আলোচনা প্রায় উলংঘন কৰি ঐতিহাসিক লালকিল্লালৈ ট্রেক্টৰ সমদল আগবঢ়াই নিওঁতেই আৰক্ষীয়ে বাধা প্রদান কৰে আৰু ইয়াতেই প্রতিবাদী কৃষকে ক্ষুব্ধ হৈ আন্দোলনক হিংসাত্মক ৰূপ দিয়ে৷ ৪০ প্রতিবাদী কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই সম্পূর্ণ শান্তিপূর্ণভাৱে ট্রেক্টৰ সমদল উলিয়াব বুলি ঘোষণা কৰিছিল যদিও পিছলৈ সেয়া ঘোষণাতে সীমাবদ্ধ থাকি হিংসাত্মক ৰূপ লয়৷ কৃষকৰ এই হিংসাত্মক প্রতিবাদৰ আঁৰত একাংশ কৃষক সংগঠনৰ নেতাই চৰকাৰী ষড়যন্ত্র আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷

কৃষকৰ ট্রেক্টৰ সমদলত হিংসাঃ ছয় কৃষক নেতাৰ বিৰুদ্ধে গোচৰ আৰক্ষীৰ
গণৰাজ্য দিৱসৰ দিনা প্রতিবাদী কৃষকৰ ট্রেক্টৰ সমদলৰ সময়ত হোৱা হিংসাত্মক কার্যৰ বাবে ছয় কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে, দিল্লী আৰক্ষীয়ে দর্শন পাল, ৰাজিন্দৰ সিং, বলবীৰ সিং ৰাজেৱাল, বুটাসিং বুর্জগিল আৰু যোগিন্দৰ সিং উগ্রহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, কৃষকৰ ট্রেক্টৰ সমদলৰ বাবে দিল্লী আৰক্ষীয়ে প্রদান কৰা এন অ’ চি উলংঘন কৰি কৃষক সংগঠনসমূহে ট্রেক্টৰ সমদল উলিয়াইছে৷ ইয়াৰ উপৰি ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্র ৰাকেশ টিকাইট আৰু সমাজকর্মী স্বৰাজ ইণ্ডিয়াৰ নেতা যোগেন্দ্র যাদৱৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰিছে আৰক্ষীয়ে৷
কৃষক সংগঠনৰ একাংশ নেতাৰ মতে চৰকাৰৰ ষড়যন্ত্রতে প্রতিবাদত হিংসাত্মক কার্যকলাপ
ৰাজধানী দিল্লীত কৃষকৰ শান্তিপূর্ণ ট্রেক্টৰ সমদল হিংসালৈ পর্যবসিত হোৱাৰ ক্ষেত্রত চৰকাৰী ষড়যন্ত্র নিহিত হৈ আছে বুলি দাবী কৰিছে একাংশ প্রতিবাদী কৃষক সংগঠনৰ নেতাই৷ কৃষক সংগঠনৰ নেতাই প্রকাশ কৰা মতে, ট্রেক্টৰ সমদলৰ মাজত সমাজবিৰোধী শক্তি সোমাই শান্তিপূর্ণ প্রতিবাদক হিংসালৈ পর্যবসিত কৰিলে৷ ছমাহ ধৰি চলি থকা দীঘলীয়া সংগ্রাম আৰু দিল্লী সীমান্তত ৬০ দিন ধৰি প্রতিবাদ চলাই থকা কৃষকৰ কালি ট্রেক্টৰ সমদলত সংঘটিত হিংসাত চৰকাৰী পক্ষৰ লোক জড়িত হৈ আছে৷
প্রতিবাদী সংগঠনৰ মাজত বিভেদ, দুই সংগঠনে এৰিলে আন্দোলন
কালিৰ ট্রেক্টৰ সমদলত সংঘটিত হিংসাৰ পাছতেই প্রতিবাদী কৃষক সংগঠনৰ মাজত বিভেদ আৰম্ভ হৈছে৷ ৰাষ্ট্রীয় কিষাণ মজদুৰ সংগঠন (আৰ কে এম এছ) আৰু অল ইণ্ডিয়া কিষাণ সংঘর্ষ কো–র্ডিনেচন কমিটীয়ে (এ আই কে এছ চি চি) চলি থকা কৃষক আন্দোলনৰ পৰা দলৰ সমর্থন প্রত্যাহাৰ কৰিছে৷ এ আই কে এছ চি চিৰ নেতা ভি এম সিঙে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ কৰা ভাষ্য অনুসৰি এই প্রতিবাদৰ লগত তেওঁলোকৰ কোনো সমর্থন নাই৷ ৰাকেশ টিকাইটৰ দ্বাৰা চলি থকা কৃষক আন্দোলনৰ পৰা তেওঁলোকে সমর্থন প্রত্যাহাৰ কৰিছে৷ আৰ কে এম এছৰ নেতা এগৰাকীয়ে প্রকাশ কৰা মতে, প্রতিবাদ অব্যাহত থাকিব, কিন্তু এনেধৰণৰ প্রতিবাদ নহ’ব৷ কিয়নো এনেধৰণৰ প্রতিবাদৰ সময়ত শ্বহীদ কিম্বা কাৰোবাক প্রহাৰ কৰিবলৈ অহা নাছিল৷ ৰাষ্ট্রীয় কিষাণ মজদূৰ ইউনিয়নৰ উপৰি ভাৰতীয় কিষাণ ইউনিয়নৰ এটা ফৈদে আজি কৃষক আন্দোলনৰ পৰা সমর্থন প্রত্যাহাৰ কৰে৷
টুইটাৰে বাতিল কৰিলে ৫০০ একাউণ্ট, পাকিস্তানৰ পৰা ৩০০ টুইটাৰ একাউণ্টেৰে দিল্লী হিংসাত উচটনি
কালি ৰাজধানী দিল্লীত কৃষকৰ ট্রেক্টৰ সমদলে হিংসাত্মক ৰূপ লোৱাৰ পাছত টুইটাৰে ৫০০ একাউণ্ট বাতিল কৰিছে৷ টুইটাৰ কর্তৃপক্ষই প্রকাশ কৰা মতে হিংসাত্মক কার্যকলাপত উচটনি দিয়াৰ প্রতি লক্ষ্য ৰাখিয়েই সন্দেহযুক্ত ৫০০ একাউণ্ট বাতিল কৰা হৈছে৷ আনপিনে দিল্লীৰ ট্রেক্টৰ সমদলক বিপথগামী কৰাৰ বাবে পাকিস্তানৰ ৩০০ টুইটাৰ একাউণ্টে ষড়যন্ত্র চলোৱা বুলি চোৰাংচোৱা সংস্থাৰ বিশেষ আৰক্ষী আয়ুক্ত দীপেন্দ্র পাঠকে সদৰী কৰিছে৷ ৰাজধানী দিল্লীতে কৃষক আন্দোলনৰ ট্রেক্টৰ সমদলে হিংসাত্মক ৰূপ লোৱা ঘটনাক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

You might also like