নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ত ভাৰতৰ প্রত্যাহ্বান আছিল চীন–ক’ৰোনা

স্থলসেনাৰ মুৰব্বী জেনেৰেল নাৰাৱানেৰ মন্তব্যঃ ভাবুকি সৃষ্টি কৰিছে বেইজিং–ইছলামাবাদে

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ সেনা দিৱসৰ পূর্বে স্থলসেনাৰ মুৰব্বী মনোজ মুকুন্দ নাৰাৱানেই আজি উল্লেখ কৰিছে যে পাকিস্তান আৰু চীনে ভাৰতৰ বিৰুদ্ধে প্রবল ভাবুকিৰ সৃষ্টি কৰিছে যদিও তেওঁলোকৰ এই ভাবুকিক ভাৰতে কেতিয়াও সফল হ’বলৈ নিদিয়ে৷ বার্ষিক সংবাদ মেলত জেনেৰেল নাৰাৱানে এই কথাও উল্লেখ কৰে যে পাকিস্তানে সন্ত্রাসবাদক আঁকোৱালি লৈছে৷ কিন্তু ভাৰতৰ সন্ত্রাসবাদৰ প্রতি শূন্য সহনশীলতাহে আছে৷ লক্ষণীয়ভাৱে ২০২০ চনত ভাৰতৰ বাবে দুটা বৃহৎ প্রত্যাহ্বান আছিল বুলি মন্তব্য কৰিছে সেনা মুৰব্বীগৰাকীয়ে৷ এই বৃহৎ প্রত্যাহ্বান দুটাৰ এটা হৈছে চীন আৰু আনটো ক’ভিড–১৯৷ পূব লাডাখত চীনা সেনাৰ একত্রীকৰণৰ বিষয়টো ভাৰতৰ জ্ঞাত আছিল যদিও চীনা বাহিনীৰ অভিসন্ধি সন্দর্ভত কোনো তথ্য নাছিল ভাৰতীয় সেনাৰ হাতত৷ স্মর্তব্য যে পূব লাডাখত চীন–ভাৰতৰ সেনাৰ সংঘর্ষত বহু জোৱান শ্বহীদ হ’বলগীয়া হৈছে৷ স্থলসেনাৰ মুৰব্বীগৰাকীয়ে এই মন্তব্য কৰাৰ মাত্র কেইঘণ্টামান পূর্বে পূব লাডাখৰ এ এল এ চিৰ ৮০ৰ পৰা ১০০ কিলোমিটাৰজোৰা অঞ্চলৰ ১০ সহস্রাধিক সৈনিকক চীনে অন্য স্থানলৈ স্থানান্তৰ কৰা বুলি সংবাদ প্রকাশ পাইছে৷ উল্লেখনীয় যে প্রচণ্ড শীতৰ বাবে পি এল এই ১০ সহস্রাধিক সৈনিকক এল এ চিৰ সমীপৱর্তী প্রশিক্ষণ শিবিৰৰ পৰা স্থানান্তৰ কৰা বুলি প্রকাশ পাইছে প্রতিবেদন৷

You might also like