নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ জানুৱাৰীত চীনত উপস্থিত হ’ব হুৰ বিশেষজ্ঞৰ দল

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ মূল উৎস বিচাৰি তদন্ত চলাবলৈ ওলোৱা বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ বিষয়ববীয়া দলক চীনে দেশখনত প্রৱেশ কৰাৰ অনুমতি দিব বুলি ঘোষণা কৰাৰ পিছতে আন্তর্জাতিক সংস্থাটোৱে ইয়াক আদৰণি জনাইছে৷ আগন্তুক ১৪ জানুৱাৰীত ক’ভিড–১৯ৰ মূল উৎস বিচাৰি হুৰ আন্তর্জাতিক বিশেষজ্ঞৰ দল চীনত উপস্থিত হ’ব৷ হুৰ সঞ্চালকপ্রধান টেড্রোছ আধানম ঘেব্রিয়েছাছে আজি উল্লেখ কৰিছে যে চীনে এইক্ষেত্রত সহযোগিতা আগবঢ়ালে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ কেনেদৰে মানৱ সমাজলৈ ঘটিল তাক নির্ণয় কৰাটো সম্ভৱ হ’ব পাৰে৷ লক্ষণীয়ভাৱে চীনে হুৰ দলক দেশখনত প্রৱেশৰ ক্ষেত্রত বাৰে বাৰে বিলম্ব ঘটোৱা বিষয়টোক লৈ অলপতে টেড্রোছে গভীৰ হতাশা ব্যক্ত কৰিছিল৷ চীনৰ শেহতীয়া ঘোষণাক লৈ আশাবাদী হৈ পৰিছে টেড্রোছ৷

You might also like