নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা অতিক্রমি আর্থিক সমৃদ্ধিৰ দিশে দেশ

২০২১–২২ বর্ষৰ অর্থনৈতিক সমীক্ষা দাখিল বিত্তমন্ত্রী সীতাৰমণৰ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে সংসদৰ যৌথ অধিৱেশনক সম্বোধি দিয়া ভাষণৰ জৰিয়তে সোমবাৰৰ পৰা আৰম্ভ হৈছে বাজেট অধিৱেশন৷ সংসদৰ এই বাজেট অধিৱেশনৰ প্রথমটো দিনত দেশৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰে চলিত বর্ষৰ অর্থনৈতিক সমীক্ষা৷ কাইলৈ ২০২২–২৩ বিত্তীয় বর্ষৰ সাধাৰণ বাজেট দাখিল কৰাৰ পূর্বে সোমবাৰে ৰাজহুৱা হোৱা অর্থনৈতিক সমীক্ষাই দেশৰ আগন্তুক বর্ষটোৰ আর্থিক পৰিস্থিতি কেনে হ’ব পাৰে, সেই সন্দর্ভত বিভিন্ন ইংগিত দিছে৷ আগন্তুক বিত্তীয় বর্ষৰ অর্থনৈতিক বৃদ্ধিৰ পূর্বাভাস দিয়াৰ উপৰি কাইলৈ বাজেটত কি কি প্রস্তাৱ অনা হ’ব পাৰে, সেই সম্পর্কেও ইংগিত দিছে কেন্দ্রীয় চৰকাৰে৷ আজি দাখিল কৰা অর্থনৈতিক সমীক্ষাত যিবোৰ বিষয় তুলি ধৰা হৈছে, তাৰ ভিতৰত প্রথমতে আগন্তুক বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধিৰ হাৰৰ বিষয়টো স্পষ্ট হৈছে৷ আগন্তুক বিত্তীয় বর্ষত অর্থাৎ ২০২২ চনৰ এপ্রিল মাহৰ পৰা ২০২৩ৰ মার্চ পর্যন্ত জি ডি পি ৮ৰ পৰা ৮.৫ শতাংশ হ’ব বুলি পূর্বাভাস দিয়া হৈছে৷ ৰাষ্ট্রীয় পৰিসংখ্যা দপ্তৰ (নেচনেল ষ্টেটিছটিকেল অফিচ/এ এছ অ’)ৰ তৰফৰ পৰা পূর্বে ৯.২ শতাংশ বৃদ্ধিৰ ইংগিত দিছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰিস্থিতিত নির্ধাৰিত লক্ষ্যৰ পৰা কিছু পিছহুঁহকিব লগা হ’ল বুলি ধাৰণা কৰা হৈছে৷ ২০২০–২১ বিত্তীয় বর্ষত দেশৰ অর্থনীতিৰ ৭.৩ শতাংশ সংকোচন ঘটিছিল৷ অথচ পূর্বাভাস আছিল ৬ৰ পৰা ৬.৫ শতাংশৰ৷ ক’ৰোনা মহামাৰীৰ প্রথম জোৱাৰৰ সময়ত সম্পূর্ণ লকডাউনৰ বাবে ২০২০–২১ বিত্তীয় বর্ষত দেশৰ অর্থনীতিলৈ যি সংকট নামি আহিছিল, দ্বিতীয় জোৱাৰৰ সময়ত ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনি মাহত সেয়া কিছু হ’লেও কমা বুলি জনোৱা হৈছে৷

তথাপি দ্বিতীয় জোৱাৰৰ সময়ত স্বাস্থ্যক্ষেত্র মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হৈছে৷ ইয়াৰ বাবে সামগ্রিক টিকাকৰণকে উল্লেখ কৰা হৈছে৷ সমীক্ষাত উল্লেখ কৰা অনুসৰি গৰিষ্ঠসংখ্যক লোকৰ ক’ভিডৰ টিকাকৰণ হোৱাৰ ফলত অর্থনীতি পুনৰ স্বাভাৱিক ছন্দলৈ ঘূৰি আহিব ধৰিছে৷ যোগান ব্যৱস্থা শীঘ্রে স্বাভাৱিক অৱস্থাত উপনীত হ’ব বুলিও ইংগিত দিয়া হৈছে৷ কিন্তু বিশ্বজুৰি মুদ্রাস্ফীতিক কেন্দ্র কৰি গভীৰ উদ্বেগ সৃষ্টি হৈছে৷ সেৱা খণ্ডসমূহত ক’ভিড মহামাৰীৰ প্রভাৱ ভয়াৱহভাৱে পৰা বুলি উল্লেখ কৰা হৈছে অর্থনৈতিক সমীক্ষাত৷ যোৱা বছৰ এই সকলো ক্ষেত্রত ৮.৪ শতাংশ সংকোচন ঘটিছিল৷ আগন্তুক বিত্তীয় বর্ষটোত ৮.২ শতাংশ বৃদ্ধি ঘটিব বুলি আশাবাদী কেন্দ্রীয় চৰকাৰ৷ ২০২১ চনৰ এপ্রিলৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ ৰাজহ আদায় বৃদ্ধি পাইছে ৬৭ শতাংশ৷ ইয়াৰ ফলত অর্থনীতিলৈ কিছু সচ্ছলতা ঘূৰি আহিছে৷ কিন্তু ইয়াৰ জৰিয়তে পৰিস্থিতি সুস্থিৰ কৰা সম্ভৱ নহ’ব৷ চাহিদাৰ যোগান, গ্রাহকৰ আচৰণ, প্রযুক্তিগত উন্নয়ন, ভূ–ৰাজনৈতিক পৰিস্থিতি, ছাপ্লাই চেইন, জলবায়ু পৰিৱর্তনৰ দৰে কাৰণবোৰ এইক্ষেত্রত বিশ্লেষণ কৰাৰ প্রয়োজন হৈ পৰিব৷ কেন্দ্রীয় চৰকাৰৰ যুক্তি অনুসৰি এই সকলো বিষয় পাৰস্পৰিক সম্পর্কযুক্ত৷

গতিকে ক’ভিড পৰৱর্তী দীর্ঘম্যাদী অনিশ্চিয়তাক অতিক্রম কৰিবলৈ হ’লে চাহিদাৰ যোগানক লৈ নতুন কৌশল ৰচনা কৰিবলগীয়া হ’ব পাৰে৷ সামগ্রিক অর্থনৈতিক স্থিতিশীলতা ওভতাই অনাৰ ক্ষেত্রত টিকাকৰণত জোৰ দিয়াৰ পক্ষপাতী কেন্দ্রীয় চৰকাৰ৷ কেন্দ্রীয় চৰকাৰৰ যুক্তি যে একমাত্র ভাইৰাছ প্রতিহত কৰাই নহয়, ইয়াৰ পাছতো যদি ক’ৰোনাৰ জোৱাৰ আহি পৰে, সেই ক্ষেত্রত দেশৰ অর্থনীতি যাতে কোনো ধৰণে বিঘ্ণিত নহয়, তাৰ বাবে টিকাকৰণক আগবঢ়াই নিব লাগিব৷ আগন্তুক ৮ এপ্রিললৈ দুটাকৈ পর্যায়ত চলিবলগীয়া সংসদৰ এই বাজেট অধিৱেশনত সাধাৰণ বাজেট দাখিল কৰাৰ পিছদিনাখন অর্থাৎ পৰহিলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিজেপি কর্মীসকলৰ সৈতে ভার্চুৱেল মাধ্যমত বাজেট সন্দর্ভত বক্তব্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে ইয়াৰ পূর্বে সাধাৰণ বাজেট দাখিলৰ পাছতে প্রধানমন্ত্রীয়ে দেশবাসীৰ উদ্দেশ্যি ভাষণ দি আহিছিল৷ এইবাৰ প্রধানমন্ত্রীগৰাকীয়্ এইক্ষেত্রত নতুন কর্মসূচী গ্রহণ কৰিছে৷

You might also like