নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌতুক হিচাপে জোঁৱায়েকক দিয়ে ২১ ডাল বিষাক্ত সাপ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ  যৌতুক প্ৰথা দেশত আইন মতে নিষিদ্ধ যদিও বৰ্তমান সময়তো দেশৰ বহু অঞ্চলত এতিয়াও আইনৰ চকুত ধুলি দি এই প্ৰথা অবৈধভাৱে চলি আছে।

 কিন্তু এনে এক যৌতুক প্ৰথা আমাৰ দেশত চলি আছে যিয়ে সকলোৰে চকু কপালত উঠাব। এই প্ৰথাত  শহুৰেকে যৌতুক হিচাপে জোঁৱায়েকক দিয়ে সাপ।

মধ্য প্ৰদেশৰ গৰিয়া সম্প্ৰদায়ৰ লোকসকলে যৌতুক হিচাপে জোঁৱায়েকক ২১ ডাল বিষাক্ত সাপ দিয়ে। এই প্ৰথাটো যোৱা কেইবাদশক ধৰি গৰিয়া সম্প্ৰদায়ৰ মাজত চলি আহিছে। এইটো বিশ্বাস যে যদি এই সম্প্ৰদায়ৰ লোকে যৌতুকত সাপ নিদিয়ে, তেতিয়া বিবাহ বিচ্ছেদ হয়। যেতিয়াই এই সম্প্ৰদায়ত কোনো ছোৱালীৰ বিবাহ ঠিক হয়, তেতিয়া ছোৱালীৰ দেউতাকে হাবিত গৈ বিষাক্ত সাপ ধৰাত ব্যস্ত হয়।

আনকি সৰু ল’ৰা-ছোৱালীবিলাকেও বিষাক্ত সাপৰ লগত খেল খেলা দেখা যায়।

আনহাতে এই সম্প্ৰদায়ৰ লোকসকলে সাপ ধৰি বিভিন্ন খেলা দেখুৱাই টকা-পইচাও উপাৰ্জন কৰে, ছোৱালীৰ দেউতাকে জোঁৱায়েকক সাপ যৌতুক হিচাপে দিলে এনে খেল দেখুৱায়ো টকা উপাৰ্জন কৰিব পাৰে।

উল্লেখ্য, এই সম্প্ৰদায়ে সাপ সংৰক্ষণ কৰে। যদি তেওঁলোকৰ হাতত সাপৰ মৃত্যু হয়, তেন্তে পৰিয়ালৰ সকলোৱে মুণ্ডন কৰে, আৰু গাঁওৰ ৰাইজক ভোজ খুৱায়।

You might also like