নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত বুলি শ্রাদ্ধ সম্পন্ন : ২৫ বছৰ পাছত ঘৰলৈ উভতিল জীয়ৰী

🔹 ভুল ৰে’লত উঠি দীর্ঘ সময় ধৰি পৰিয়ালৰ পৰা বিচ্ছিন্ন

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : ভুল ৰে’লত উঠি বিচ্ছিন্ন হৈছিল পৰিয়ালৰ পৰা৷ ইয়াৰ পাছত উকলি গৈছে বহু বছৰ৷ কন্যা ঘৰলৈ উভতি নহাত পৰিয়ালে ভাবিবলৈ লৈছিল যে তেওঁৰ মৃত্যু হৈছে৷ সেই অনুসৰি পৰিয়ালে হেৰাই যোৱা কন্যাৰ শ্রাদ্ধও সম্পন্ন কৰিছিল৷ অৱশেষত ২৫ বছৰ পাছত ঘৰলৈ উভতি আহিল পৰিয়ালৰ জীয়ৰী৷ ইমান বছৰ পিছত উভতি অহাৰ লগে লগে পৰিয়ালৰ অন্য সদস্যসকল আনন্দত আত্মহাৰা হৈছে৷ কর্ণাটকৰ বল্লাৰীৰ দানানায়াকানাকেৰ গাঁৱৰ বাসিন্দা আছিল ছাকাম্মা নামৰ যুৱতীগৰাকী৷ ২৫ বছৰ বয়সত এক আত্মীয়ৰ বিবাহ অনুষ্ঠানত যোগ দিবলৈ পৰিয়ালৰ সৈতে গৈছিল ছাকাম্মা৷ কিন্তু ওভতাৰ সময়ত সৃষ্টি হয় সমস্যা৷ ভুলকৈ চণ্ডীগড় অভিমুখী ৰে’লত উঠে ছাকাম্মা৷ ইয়াৰ পিছত ছাকাম্মাক বিচাৰি নাপালে পৰিয়ালে৷ যুৱতী বয়সত সন্ধানহীন হৈ উত্তৰ ভাৰতৰ বিভিন্ন স্থানত ঘূৰি ফুৰে ছাকাম্মাই৷ অৱশেষত হিমাচল প্রদেশৰ মাণ্ডি জিলাত এক বৃদ্ধাশ্রমত ৫০ বছৰ বয়সত সন্ধান পোৱা যায় ছাকাম্মাৰ৷ শেহতীয়াকৈ মাণ্ডিৰ এই বৃদ্ধাশ্রমলৈ গৈছিল কর্ণাটকৰ এগৰাকী আইপিএছ বিষয়া৷ বৃদ্ধাশ্রমত ছাকাম্মাই কন্নড় ভাষাত কথা পতাৰ পাছতে আইপিএছ বিষয়াগৰাকীয়ে আশ্চর্য প্রকাশ কৰে৷ ইয়াৰ পিছতে মহিলাগৰাকীৰ মুখেৰে সকলো কথা শুনে আইপিএছ বিষয়াগৰাকীয়ে৷ লগে লগে এই বিষয়াগৰাকীয়ে সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰে৷ বিষয়াগৰাকীৰ জৰিয়তে ২৫ বছৰ পাছত নিজৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাৰ সুযোগ লাভ কৰিলে ছাকাম্মাই৷

You might also like