নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইৰ এখন বজাৰলৈ যোৱা ২৬০০ লোক পজিটিভ

তামিলনাডুত ভয়াৱহ গণসংক্রমণৰ ঘটনা

নিয়মীয়া বাৰ্তা, ১৫ মেঃ বজাৰৰ ভিৰ ক’ৰোনা ভাইৰাছ সংক্রমণৰ ক্ষেত্রত কিমান ভয়ানক হ’ব পাৰে, এই কথাৰ প্রমাণ পোৱা গৈছে তামিলনাডুত ৷ এখন পাইকাৰী বজাৰৰ সকলো লোককে ক’ৰোনা ভাইৰাছ টেষ্ট কৰাৰ পাছত ২,৬০০জন লোকৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে ৷ সেয়াই নহয়, বহু লোকৰ পৰীক্ষাৰ ৰিপ’ৰ্ট এতিয়াও আহিবলৈ বাকী ৷ সংক্রমিত লোকৰ মুঠ সংখ্যা যে বৃদ্ধি পাব, সেয়া প্রায় নিশ্চিত ৷ এই ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যখনৰ প্রশাসনিক বিষয়াসকলৰ মাজত ৷ স্থানীয় প্রশাসনে এই বজাৰখনক ক’ৰোনাৰ হটস্পট ঘোষণা কৰি কঢ়া নিয়ন্ত্রণ জাৰি কৰিছে ৷ চেন্নাই চহৰৰ পৰা কিছুদূৰ নিলগত থকা কোয়মবেদু তামিলনাডুৰ বৃহত্তম পাইকাৰী বজাৰৰ ভিতৰত অন্যতম ৷ এই বজাৰত প্রতিদিনে হাজাৰ হাজাৰ মানুহৰ ভিৰ হয় ৷ ক’ৰোনা ভাইৰাছ সংক্রমণৰ সময়তে অন্যান্য অঞ্চলসমূহৰ লগতে এই বজাৰতো জাৰি কৰা হৈছিল সতর্কতা ৷

সামাজিক দূৰত্ব বজাই ৰাখি ক্রয়–বিক্রয় কৰাৰ নির্দেশ দিছিল প্রশাসনে ৷ কিন্তু এই সকলো নির্দেশনা উপেক্ষা কৰি প্রতিদিনে চলিছিল বজাৰখন৷ ফলত সংক্রমণৰ সম্ভাৱনা তীব্রভাৱে বৃদ্ধি পায় ৷ পৰৱর্তী সময়ত এই বজাৰলৈ অহা সকলো লোকৰে ক’ৰোনাৰ পৰীক্ষাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই পৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ পাছতে মূৰে–কপালে হাত দিব লগা অৱস্থা প্রশাসনৰ ৷ স্থানীয় প্রশাসনিক অধিকাৰী জে ৰাধাকৃষ্ণনে কয়– ‘বজাৰৰ ক্রেতা–বিক্রেতা তথা তেওঁলোকৰ সংস্পর্শলৈ অহা সকলোৰে ক’ৰোনাৰ টেষ্ট কৰা হৈছিল ৷ ইয়াৰে ২,৬০০জনৰ ৰিপ’ৰ্ট পজিটিভ ৷ সকলো মিলি টেষ্ট কৰা হৈছিল প্রায় ২ লাখ ৬০ হাজাৰ লোকৰ ৷’ তেওঁ আৰু কয় যে বস্তি আৰু জনবসতি এলেকাত সংক্রমণৰ শৃংখল বৃদ্ধি পোৱাত প্রশাসনৰ বাবে সর্বাধিক প্রত্যাহ্বান সৃষ্টি হৈছে ৷ তথাপি আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আশ্বস্ত কৰে ৰাধাকৃষ্ণনে ৷ শেহতীয়া তথ্য অনুসৰি তামিলনাডুত প্রায় ৯ হাজাৰ ৭০০ লোক ক’ৰোনাত আক্রান্ত হৈছে ৷ ৰাজ্যখনত মৃত্যু হৈছে ৬৬জন লোকৰ ৷

You might also like