নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰলৈ কেন্দ্রৰ ২৮,৪০০ কোটি

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ জম্মু–কাশ্মীৰৰ উপ–ৰাজ্যপাল মনোজ সিন্হাই আজি উল্লেখ কৰিছে যে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ঔদ্যোগিক উন্নয়ন আঁচনিৰ বাবে মোদী চৰকাৰে ২৮ হাজাৰ ৪০০ কোটি টকাৰ এক পেকেজত অনুমোদন জনাইছে৷ এই আঁচনিৰ জৰিয়তে জম্মু–কাশ্মীৰত ঔদ্যোগিক ক্ষেত্রত উন্নয়ন সম্ভৱ কৰি তোলা হ’ব৷ ইয়াৰ উপৰি কেন্দ্রীয় শাসিত অঞ্চলটোত অর্থনৈতিক সমৃদ্ধি তথা নিয়োগ সৃষ্টিৰ বিষয়টোতো গুৰুত্ব দিয়া হ’ব বুলি ঘোষণা কৰিছে উপ–ৰাজ্যপাল মনোজ সিন্হাই৷ লক্ষণীয়ভাৱে কাৰখানা আৰু উদ্যোগৰ উৎপাদন তথা সেৱা খণ্ডত ব্যৱহাৰ কৰা হ’ব এই বৃহৎ অংকৰ ধনৰাশি৷ ঔদ্যোগিক উন্নয়নৰ এই আঁচনিৰ জৰিয়তে জম্মু–কাশ্মীৰত আর্থ–সামাজিক উন্নয়নতো সুফল লাভ কৰিব পৰা যাব বুলি আশা প্রকাশ কৰিছে সিন্হাই৷

You might also like