নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ১৮২ মিটাৰ উচ্চতা। ৩ হাজাৰ কোটি টকাৰ চর্দাৰ বল্লভভাই পেটেলৰ মূর্তিৰ সুৰক্ষা দিব ২৭২ জন CISF জোৱানে। গুজৰাটৰ এই ‘ষ্ট্যেচু অফ ইউনিটি’ৰ (Statue of Unity) নিৰাপত্তাৰ বাবে ২৫ আগষ্ট মঙলবাৰৰ পৰা জোৱান মোতায়েনৰ কথা জনাইছে কেন্দ্রই।
গুজৰাটত অৱস্থিত এই সুবিশাল মূর্তি ভাৰতৰ অন্যতম এক পর্যটন ক্ষেত্ৰ । কিন্তু ক’ৰোনা মহামাৰীৰ বাবে বিগত মার্চ মাহৰ পৰা ইয়াৰ পর্যটন বন্ধ হৈ আছে। জানিব পৰা মতে, অহা ২ ছেপ্টেম্বৰৰ পৰা Statue of Unity পুনৰ খোলাৰ সম্ভাৱণা আছে।