নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকতাৰ প্ৰকৃত মূল্যবোধ হ্ৰাস পাইছেঃ ভেংকায়া নাইডু

নিউজ ডেস্ক,১৬ নৱেম্বৰঃ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শনিবাৰে দিল্লীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সংবাদমাধ্যম সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । টিভি চেনেল আৰু সংবাদপত্ৰসমূহ কিছুমান ব্যৱসায়িক দল আৰু ৰাজনৈতিক দলৰ মালিকানাধীন হোৱা হেতুকে সাংবাদিকতাৰ প্ৰকৃত মূল্যবোধ হ্ৰাস পাইছে বুলি উল্লেখ কৰাৰ লগতে উত্তেজনা বৃদ্ধি কৰি খবৰৰ সমান্তৰালকৈ নিজস্ব মতামত সংবাদমাধ্যমে দাঙি ধৰে বুলি কয় । নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে,পূৰ্বে বাতৰিক কেৱল বাতৰি ৰূপেই লৈ যোৱা হৈছিল সাধাৰণজনৰ মাজলৈ, কিন্তু বৰ্তমান সময়ত ইয়াৰ সম্পূৰ্ণ বিপৰীতে বাতৰিৰ লগতে বাতৰি প্ৰতিষ্ঠানটোৰ মতামত অথবা মতাদৰ্শকো মানুহৰ মাজত প্ৰদৰ্শন কৰাটোৱেই হৈছে মূল সমস্যা ।

ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক দলৰ মালিকানাধীন এই সংবাদমাধ্যম সমূহে উত্তেজনাময় বাতৰি পৰিৱেশন কৰি প্ৰকৃত সাংবাদিকতাক নিজ নিজ ইচ্ছাত ব্যৱহাৰ কৰি সংজ্ঞাহীন কৰি তুলিছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে এম ভেংকায়া নাইডুয়ে । লগতে ৰাজনৈতিক দলসমূহৰ মালিকানাধীন কাকত অথবা সংবাদ প্ৰতিষ্ঠান সমূহত পোনপটীয়াকৈ নিজৰ নাম উল্লেখ থাকিব লাগে বুলিও কয় উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ।

You might also like