নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৪ বছৰ পূর্বে পাচলি বিক্রেতাৰ পৰা লৈছিল ২০ টকা উৎকোচ

🔹 প্রাক্তন আৰক্ষীক গ্রেপ্তাৰৰ নির্দেশ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ৩৪ বছৰ পূর্বে এজন পাচলি বিক্রেতাৰ পৰা ২০ টকা উৎকোচ লৈছিল আৰক্ষীয়ে৷ এই অপৰাধৰ বাবে শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল বিহাৰৰ প্রাক্তন আৰক্ষী চিপাহী সুৰেশ প্রসাদ সিং৷ উৎকোচ লোৱাৰ গোচৰত এই প্রাক্তন আৰক্ষী কর্মীজনক গ্রেপ্তাৰৰ নির্দেশ দিছে আদালতে৷ ইয়াৰ পূর্বেও একেটা গোচৰত কাৰাগাৰলৈ যাবলগীয়া হৈছে সুৰেশ প্রসাদ সিং৷ ৩৪ বছৰ পাছত পুনৰ ৰঙাঘৰত সোমাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সুৰেশৰ বাবে৷ ১৯৯০ চনত বিহাৰৰ ছাহাৰছা ৰে’ল ষ্টেচনত এগৰাকী মহিলা পাচলি বিক্রেতাৰ সৈতে কাজিয়া হৈছিল সুৰেশৰ৷ মহিলাগৰাকীক ৰে’লত শাক–পাচলিৰ মোনা উঠোৱাৰ বিনিময়ত ২০ টকা উৎকোচ বিচাৰিছিল সুৰেশে৷ সেই সময়ত ষ্টেচন ইনচার্জে হাতে-লোটে ধৰা পেলায় সুৰেশক৷ সেই গোচৰতে পুনৰ গ্রেপ্তাৰৰ সন্মুখীন হৈছে সুৰেশ৷

You might also like