নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাত চাইবাৰ অপৰাধ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা প্রতিবেদন অনুসৰি বর্ষটোৰ প্রথম ত্রৈমাসিকত চাইবাৰ অপৰাধৰ ঘটনা ৩৫০ শতাংশ বৃদ্ধি পাইছে৷ চাইবাৰ অপৰাধীয়ে বহু হাস্পতাল আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ ওপৰত চলাইছে আক্রমণ৷ চিকিৎসা ব্যৱস্থাটোক বিকল কৰাৰ এক ষড়যন্ত্র চলা বুলি ৰাষ্ট্রসংঘৰ সন্ত্রাস প্রতিৰোধী বিভাগৰ মুৰব্বীয়ে ঘোষণা কৰিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ নিৰাপত্তা পৰিষদত সন্ত্রাসবাদ প্রতিৰোধ বিভাগৰ মুৰব্বীৰ দায়িত্বত থকা ভ্লাডিমিৰ ভ’ৰনক’ভে কালি উল্লেখ কৰা অনুসৰি মহামাৰীৰ প্রভাৱ আৰু পৰিণতি সন্দর্ভত এতিয়াও গোলকীয় বিশেষজ্ঞসকলে সবিশেষ উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই৷ বিশ্ব শান্তি আৰু নিৰাপত্তাৰ লগতে সংগঠিত অপৰাধ আৰু সন্ত্রাসবাদত মহামাৰীৰ প্রভাৱ সন্দর্ভত এতিয়াও বিশেষ আলোচনা হোৱা নাই বুলিও বিষয়ববীয়াগৰাকীয়ে ঘোষণা কৰিছে৷ বিশ্বজুৰি ৱেবছাইটসমূহত চাইবাৰ আক্রমণ সংঘটিত কৰাৰ উপৰি সন্ত্রাসবাদীয়ে অর্থনৈতিক সংকট সৃষ্টিৰ জৰিয়তে শংকা, ঘৃণা, বিভাজন সৃষ্টিৰো চেষ্টা চলোৱা বুলি ভ’ৰনক’ভে উল্লেখ কৰিছে৷