নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত ভয়াৱহ ভূমিস্খলন,১৫জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ কেৰালাৰ ইডুক্কি জিলাত মুষলধাৰ বৰষুণৰ ফলত শুক্ৰবাৰে সংঘটিত ভয়াৱহ ভূমিস্খলনত কমপক্ষেও ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য ৪৮গৰাকী সন্ধানহীন হৈ আছে৷ জিলাখনৰ মুন্নাৰ পার্বত্য অঞ্চলৰ চাহ বাগিচাৰ কর্মীয়ে বসবাস কৰা এক জনাকীর্ণ অঞ্চল এখন নদীৰ বোকা মাটি আৰু আৱর্জনাই পুতি পেলোৱাৰ ফলত সমগ্র অঞ্চলটোত সৃষ্টি হৈছে নজিৰবিহীন ধ্বংসলীলা৷ উল্লেখনীয় যে ভূমিস্খলন আৰু বোকা–পানীত উটি যোৱা ১৫গৰাকী লোকক এই বাতৰি যুগুতোৱাৰ পৰলৈ উদ্ধাৰ কৰা হৈছে৷ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে সংবাদ মেলত উল্লেখ কৰা অনুসৰি ভূমিস্খলনত প্রাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব৷ বিগত কেইবাদিনো ধৰি চলি থকা বৃষ্টিপাতৰ ফলত পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হিলছ ষ্টেচন মুন্নাৰৰ এই অঞ্চলটোত সংঘটিত হৈছে ভূমিস্খলন৷ কালি নিশাৰ ভাগতে সংঘটিত হোৱা ভূমিস্খলনৰ খবৰ সমীপৱর্তী অঞ্চলৰ বাসিন্দাসকলে পুৱাৰ ভাগতহে গম পায়৷ উল্লেখনীয় যে বোকা, পানী আৰু আৱর্জনাই ৭৮গৰাকী লোকে বাস কৰা ঘনবসতিৰ এক ক্ষুদ্র অঞ্চল সম্পূর্ণৰূপে পুতি পেলাইছে৷ তাৎক্ষণিক এই দুর্যোগত আক্রান্ত লোকসকলৰ চিকিৎসা তথা অন্যান্য সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলিও মুখ্যমন্ত্রী বিজয়নে ঘোষণা কৰিছে৷ ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই ঘটনাত দুখ প্রকাশ কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ জ্ঞাপন কৰিছে সমবেদনা৷

You might also like