নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ৪.৯৫ লাখ কোটি প্রত্যক্ষ কৰ সংগ্রহ

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত বলৱৎ কৰা লকডাউনৰ বাবে কেন্দ্রীয় চৰকাৰৰ প্রত্যক্ষ কৰ সংগ্রহ হ্রাস পাইছে৷ চলিত বিত্তীয় বর্ষৰ ১৫ ডিচেম্বৰলৈকে প্রত্যক্ষ কৰ সংগ্রহ ১৭.৬ শতাংশ হ্রাস পাইছে৷ বিত্তীয় বর্ষ ২০২০–২১ৰ ১৫ ডিচেম্বৰলৈকে অগ্রিম কৰসহ প্রত্যক্ষ কৰ সংগ্রহ ১৭.৬ শতাংশ হ্রাস পাইছে৷

বিগত বিত্তীয় বর্ষৰ এই সময়ছোৱাত প্রত্যক্ষ কৰ সংগ্রহ আছিল ৬.০১ লাখ কোটি টকা৷ ইয়াৰ বিপৰীতে চলিত বর্ষত সংগৃহীত প্রত্যক্ষ কৰ হৈছে ৪.৯৫ লাখ কোটি টকা৷ মানী কণ্ড্র’লত প্রকাশিত প্রতিবেদন মতে ১৫ ডিচেম্বৰলৈকে কর্প’ৰেট কৰ সংগ্রহ হৈছে ২.২৬ লাখ কোটি টকা আৰু ব্যক্তিগত আয়কৰ সংগ্রহ হৈছে ২.৫৭ লাখ কোটি টকা৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে চলিত বর্ষত কর্প’ৰেট কৰ আৰু নতুনকৈ ইনকর্প’ৰেট কোম্পানীসমূহৰ কৰ হাৰ ২৫ শতাংশ আৰু ১৫ শতাংশলৈ হ্রাস কৰাৰ প্রভাৱো পৰিছে প্রত্যক্ষ কৰ সংগ্রহত৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় চৰকাৰে অক্টোবৰত প্রকাশ কৰা তথ্য মতে চলিত বিত্তীয় বর্ষত বিত্তীয় ঘাটি ৯.১৪ লাখ কোটি হৈছে অর্থাৎ বার্ষিক বাজেটতকৈ ১১৪.৮ শতাংশ বৃদ্ধি পাইছে৷ বছৰটোৰ প্রথম ছমাহত বিত্তীয় ঘাটি বৃদ্ধি পোৱাৰ প্রধান কাৰণ হ্রাস পোৱা ৰাজহ সংগ্রহ৷

You might also like