নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ লাডাখৰ এলএচিত চীনৰ সৈতে সংঘাত চলি থকাৰ সুযোগ লৈ পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ৪০০তকৈ অধিক সন্ত্রাসবাদীয়ে এলঅ’চিৰ সমীপত বাহৰ পাতি ভাৰতীয় ভূমিত অনুপ্রৱেশৰ পৰিকল্পনা কৰি আছে৷ জম্মু–কাশ্মীৰত অনুপ্রৱেশ কৰিবলৈ অপেক্ষা কৰি থকা ৪০০তকৈ অধিক পাক সন্ত্রাসবাদীক এইক্ষেত্রত সহায় কৰি আছে পাকিস্তানী সেনা এছএছজিয়ে৷
চোৰাংচোৱা সূত্রৰ তথ্য মতে, বিগত কেইবামাহ ধৰি পাকিস্তানী সেনাই এল’চিত যুদ্ধবিৰতি উলংঘন কৰি সন্ত্রাসবাদীক ভাৰত ভূমিত অনুপ্রৱেশৰ চেষ্টা চলাই আছে৷ অৱশ্যে ভাৰতীয় নিৰাপত্তা বাহিনীৰ নিৰীক্ষণ আৰু পহৰাৰ বাবে এই সন্ত্রাসবাদীকেইটা অনুপ্রৱেশ কৰাত সফল হ’ব পৰা নাই৷ লক্ষণীয় যে ভাৰতীয় নিৰাপত্তা বাহিনীক আক্রমণৰ কাৰণে ইতিমধ্যে পাক সেনাৰ বিএটিক সক্রিয় কৰি তোলা হৈছে৷ এলঅ’চিৰ সমীপৰ কেইবাটাও অঞ্চলত বিএটিয়ে সক্রিয় হৈ থাকি বাহৰ পাতি থকা সন্ত্রাসবাদীক জম্মু–কাশ্মীৰত অনুপ্রৱেশৰ বাবে ধাৰাবাহিকভাৱে সহায় কৰি আছে৷
এলঅ’চিৰ সিপাৰে পাকিস্তানৰ গুৰেজ, মাছাল, কেৰান ছেক্টৰ, টাংধৰ ছেক্টৰ, নগাম ছেক্টৰ আদিত পাক সন্ত্রাসবাদীয়ে বাহৰ পাতি আছে৷ এই অভিসন্ধি চোৰাংচোৱা সূত্রই লাভ কৰাৰ পিছতে জম্মু–কাশ্মীৰৰ এলঅ’চিত নিৰাপত্তা বাহিনীক হাই এলার্ট কৰি ৰাখিছে আৰু ইয়াৰ সমান্তৰালকৈ এল’চি অতিক্রম কৰিব পৰা পথসমূহ চিনাক্ত কৰি পহৰা কটকটীয়া কৰি তুলিছে৷