নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত সমগ্র দেশত ৪১,১৯৫জন ক’ভিড–১৯ত নতুনকৈ সংক্রমিত হৈছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ক’ভিড মহামাৰীত মৃত্যু হৈছে ৪৯০গৰাকী লোকৰ৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি দেশত মুঠ ৩ কোটি ২০ লাখ ৭৭ হাজাৰ ৭০৬জন ক’ভিডত আক্রান্ত হৈছে৷
মহামাৰীত দেশত এতিয়ালৈকে প্রাণ হেৰুৱাইছে ৪ লাখ ২৯ হাজাৰ ৬৬৯গৰাকী লোকে৷ দেশত সক্রিয় ৰোগীৰ সংখ্যা হৈছে ৩ লাখ ৮৭ হাজাৰ ৯৮৭গৰাকী৷ দৈনিক সংক্রমণৰ ক্ষেত্রত শীর্ষ স্থানত আছে কেৰালা৷ কেৰালাত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ২৩,৫০০জন৷
ইফালে, দ্বিতীয় স্থানত থকা মহাৰাষ্ট্রত ক’ভিডত আক্রান্ত হৈছে যোৱা ২৪ ঘণ্টাত ৫,৫৬০জন লোক৷