নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত পৱিত্র স্নান কৰিবলৈ গৈ ৩৭শিশুসহ ৪৩জনৰ মৃত্যু

🔹 ‘জীৱিতপুত্রিকা’ উৎসৱত ১৫খন জিলাত শোকাৱহ দুর্ঘটনা

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : বিহাৰত পৱিত্র স্নানেই কাল হ’ল বহু লোকৰ৷ ২৫ ছেপ্টেম্বৰত ‘জীৱিতপুত্রিকা’ উৎসৱ উপলক্ষে ৰাজ্যখনৰ বিভিন্ন স্থানত পৱিত্র স্নান কৰিবলৈ গৈ ৪৩গৰাকী লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৩৭টা শিশু৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ ১৫খন জিলাত৷ এই উৎসৱত সন্তানৰ মংগল কামনা কৰি মাতৃয়ে উপবাসে থকাৰ উপৰি সন্তান আৰু মাতৃয়ে একেলগে নদী বা পুখুৰীত পৱিত্র স্নান কৰে৷ লক্ষণীয়ভাৱে এই উৎসৱৰ সময়ত ৰাজ্যখনৰ ১৫খন জিলাত এনেদৰে মাতৃ–সন্তানে পৱিত্র স্নান কৰিবলৈ যোৱাৰ সময়তে শোকাৱহ ঘটনা সংঘটিত হয়৷ জীৱিতপুত্রিকা উৎসৱত কেইবাগৰাকীও লোকৰ নদীত ডুবি মৃত্যু হোৱাৰ উপৰি অন্য কেইবাগৰাকীও লোকৰ পুখুৰীত স্নান কৰাৰ সময়ত মৃত্যু হৈছে৷ তিনিগৰাকী লোক সন্ধানহীন হৈ থকা বুলি ৰাজ্যখনৰ চৰকাৰী সূত্রই সদৰী কৰিছে৷ ৰাজ্যখনৰ দুর্য্যোগ ব্যৱস্থাপনা বিভাগে প্রকাশ কৰা বিবৃতি অনুসৰি ৪৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ তিনিগৰাকী লোক সন্ধানহীন হৈ থকা বুলি একেটা বিবৃতিত সদৰী কৰা হৈছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এই উৎসৱত পৱিত্র স্নান কৰিবলৈ গৈ অকাল মৃত্যুক সাবটি লোৱা লোকসকলৰ পৰিয়াল তথা আত্মীয়লৈ ৪ লাখকৈ টকা এককালীন সাহায্য ঘোষণা কৰিছে৷ তাৎক্ষণিকভাৱে এই এককালীন সাহায্য প্রদান প্রক্রিয়া আৰম্ভ কৰে চৰকাৰে৷ ৰাজ্যখনৰ পূব আৰু পশ্চিম চাম্পাৰণ, নালন্দা, ঔৰংগাবাদ, কাইমুৰ, বক্সাৰ, ছিৱান, ৰোহটাছ, ছাৰন, পাটনা, বৈশালী, মুজাফফৰপুৰ, সমষ্টিপুৰ, গোপালগঞ্জ আৰু আৰৱাল জিলাত এই শোকাৱহ ঘটনা সংঘটিত হৈছে৷ মুখ্যমন্ত্রী নীতিশ কুমাৰে উৎসৱৰ সময়ত এনে ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰাৰ উপৰি পৱিত্র স্নান কৰিবলৈ গৈ প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ স্মর্তব্য যে বিহাৰত প্রতিবছৰে জীৱিতপুত্রিকা উৎসৱত পৱিত্র স্নান কৰাৰ সময়ত এনে শোকাৱহ ঘটনা সংঘটিত হৈ আহিছে৷

You might also like