বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : ম’বাইল চুৰিৰ বাবে প্রশিক্ষণ লৈছিল ৪৫ দিন৷ ইয়াৰ পাছতে অপৰাধী গেঙত চাকৰি লাভ৷ বেতন মাহিলি ২৫,০০০ টকা৷ ধৰা পৰাৰ পাছতেই ‘চাকৰি’ হেৰুৱালে দুই চোৰে৷ গুজৰাটত সংঘটিত হৈছে এই ঘটনা৷ গুজৰাট আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি, ম’বাইল চুৰিৰ এই চক্রই বিভিন্ন ৰাজ্যত কাম কৰে৷ ভিৰৰ মাজৰ পৰা কোনো ব্যক্তিৰ ম’বাইল নিমিষতে চুৰি কৰি ভিন্ন দেশলৈ সৰবৰাহ কৰাই এই অপৰাধী চক্রৰ কাম৷ ধৃত দুই চোৰৰ নাম অবিনাশ মাহাতো (১৯) আৰু শ্যাম কুর্মী (২৬)৷ ঝাৰখণ্ডত ঠিকা শ্রমিকৰ কাম কৰিছিল দুয়ো৷ এই কাম বাদ দি ৪৫ দিন ম’বাইল ফোন চুৰিৰ প্রশিক্ষণ লয় দুয়ো৷ সেইমতে চাকৰিও লাভ কৰে অপৰাধী চক্রত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি চুৰি কৰা ম’বাইল ‘আনলক’ কৰি বাংলাদেশ আৰু নেপাললৈ প্রেৰণৰ দায়িত্বত আছিল দুয়োজন৷ দুয়োৰে পৰা ২৯টা আইফোন আৰু ৯টা ৱানপ্লাছ ফোন জব্দ কৰে আৰক্ষীয়ে৷