নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনৰ ধুমুহা–বৰষুণ– বজ্ৰাঘাতত উত্তৰ প্রদেশত ৪৫জনৰ মৃত্যু

🔹 এদিনৰ ধুমুহা–বৰষুণ– বজ্ৰাঘাতত উত্তৰ প্রদেশত ৪৫জনৰ মৃত্যু

🔹 পঞ্জাবত উৎপত্তি ঘটা ঘূর্ণি–ধুমুহাৰ প্রভাৱ : সোমবাৰলৈ জটিল পৰিস্থিতি

নিউজ ডেস্ক, ২৪ মে’ : ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন উত্তৰপ্রদেশ৷ মাত্র এদিনৰ ধুমুহা, বৰষুণ আৰু বজ্রাঘাতত উত্তৰ প্রদেশত ৪৫জন লোকৰ মৃত্যু হৈছে ৷ বুধবাৰৰ পৰা উত্তৰ প্রদেশৰ কেইবাখনো জিলাত ধুমুহা–বৃষ্টি আৰম্ভ হয়৷ ইয়াৰ লগতে সঘনে বজ্রপাতে পৰিস্থিতি অস্থিৰ কৰি তোলে৷

বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি, আগন্তুক সোমবাৰলৈকে উত্তৰ প্রদেশত অব্যাহত থাকিব প্রবল ধুমুহা–বৃষ্টি৷ লক্ষণীয়ভাৱে দেশৰ ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলো অতিবৃষ্টিৰ কবলত পৰিছে৷ বিগত ৪ দিনত দিল্লীত ধুমুহা আৰু বৃষ্টিপাতৰ ঘটনাত ৬জনৰ মৃত্যু হৈছে৷ উত্তৰ প্রদেশত পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে৷

উত্তৰ প্রদেশ চৰকাৰৰ তৰফৰ পৰা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নির্দেশ দিয়া হৈছে স্থানীয় প্রশাসনক৷ ইফালে, প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ, কৃষকসকলক ফচলৰ ক্ষয়–ক্ষতিৰ পৰিমাণ নির্ধাৰণ কৰি ক্ষতিপূৰণৰ নির্দেশ দিয়া বুলি ঘোষণা কৰিছে চৰকাৰে৷ বতৰ বিজ্ঞান বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, পঞ্জাবৰ ওপৰত এটি ঘূর্ণি ধুমুহাৰ উৎপত্তি ঘটিছিল৷ তাৰ ফলতেই ঘণ্টাত ৬০ৰ পৰা ১০০ কিলোমিটাৰ বেগত ভয়ংকৰ ধুমুহা অহাৰ উপৰি অতিবৃষ্টি দেখিবলৈ পোৱা যায় উত্তৰ প্রদেশত৷

You might also like