নিয়মীয়া বাৰ্তা, ১২ মে’ : জম্মু–কাশ্মীৰত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে এটা গোচৰ সংক্রান্তত দেশৰ সর্বোচ্চ ন্যায়ালয়ে এই বিষয়ত সিদ্ধান্ত ল’বলৈ কেন্দ্র আৰু জম্মু–কাশ্মীৰ প্রশাসনক দায়িত্ব দি যুটীয়াভাৱে এখন বিশেষ কমিটী গঠন কৰাৰ পৰামর্শ দিছে ৷ ন্যায়াধীশ এন ভি ৰামানাই কয় যে ন্যায়ালয়ে এই কথাও নিশ্চিত কৰিব লাগিব যাতে দেশৰ নিৰাপত্তা আৰু মানৱ অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা হয় ৷ উল্লেখ্য যে যোৱা ২৯ এপ্রিলত জম্মু–কাশ্মীৰ প্রশাসনে উচ্চতম ন্যায়ালয়ক জনাইছিল যে ইণ্টাৰনেট সেৱা কেৱল মৌলিক অধিকাৰ নহয়, গতিকে ৰাজ্য প্রশাসনে বাক্–স্বাধীনতাত প্রতিবন্ধক লগোৱাৰ লগতে ইণ্টাৰনেটৰ জৰিয়তে বাণিজ্য প্রসাৰণ ৰোধ কৰাৰ অধিকাৰ আছে ৷