নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ আগষ্টত ঘৰতে বন্তি দিৱস পালন কৰক

দেশবাসীক আহ্বান ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ আগষ্টৰ অযোধ্যাৰ ৰাম মন্দিৰ ভূমি পূজন কার্যসূচীলৈ অহাৰ পৰিৱর্তে দেশবাসীয়ে উক্ত দিনা সন্ধিয়া ঘৰে ঘৰে বন্তি দিৱস পালন কৰক৷ ঐতিহাসিক ভূমি পূজনৰ ক্ষণটো স্বচক্ষে প্রত্যক্ষ কৰাৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ পৰা লোক আহিবলৈ আগ্রহ দেখুওৱা সন্দর্ভত ক’ভিড–১৯ৰ পৰিস্থিতিৰ প্রসংগৰে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে দেশবাসীক তেনে নকৰিবলৈ আহ্বান জনায়৷ ন্যাসৰ সচিবপ্রধান সম্পট ৰায়ে বিবৃতিযোগে দেশৰ বিভিন্ন প্রান্তৰ অযোধ্যালৈ আহিব খোজা ভক্তসকলক উক্ত দিনা ঘৰতেই সন্ধিয়া বন্তি দিৱস পালন কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে অহা ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰিব৷ এই লৈ ইতিমধ্যে অযোধ্যাত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি হাই এলার্ট জাৰি কৰা হৈছে৷ বিবৃতিত সচিবপ্রধানগৰাকীয়্ পৰোক্ষ আৰু প্রত্যক্ষভাৱে ৰাম মন্দিৰ নির্মাণত সমর্থন জনোৱা সকলো ভক্তকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে ১৯৮৪ চনত ৰাম মন্দিৰ নির্মাণ আন্দোলন আৰম্ভ হৈছিল৷ বিগত বর্ষত শতিকাজুৰি চলা ৰাম জন্মভূমি–বাবৰি মছজিদ গোচৰৰ ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ে প্রদান কৰাৰ পিছতে মন্দিৰ নির্মাণ প্রক্রিয়া আৰম্ভ হৈছে৷

You might also like