নিউজ ডেস্ক, ২ মে’ : বন্ধুসকলৰ সৈতে সুৰাপান-ৰ প্রতিযোগিতা! ১০ হাজাৰ টকাৰ ‘বাজি’ ধৰি ২১ বছৰ বয়সতে মৃত্যু হ’ল যুৱকৰ৷ মৃত যুৱকজনৰ নাম কার্তিক৷ তেওঁ কর্ণাটকৰ বাসিন্দা৷ জানিব পৰা গৈছে যে ৬জন বন্ধুৰ সৈতে সুৰাপান কৰিবলৈ লোৱাৰ সময়তে কার্তিকৰ বন্ধুসকলে এক বাজি ধৰে৷ যিয়ে ৫ বটল সুৰাপান কৰিব পাৰিব তেওঁক ১০ হাজাৰ টকা দিয়া হ’ব বুলি বন্ধুসকলে প্রস্তাৱ ৰাখে৷ এই প্রস্তাৱত সঁহাৰি দি কার্তিকে ৫ বটল সুৰা পান কৰে৷ মুমূর্ষু অৱস্থাত কার্তিকক হাস্পতালত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কার্তিকে৷ এই ঘটনা সন্দর্ভত কার্তিকৰ দুজন বন্ধুক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷