নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন চেণ্টাৰত উচ্চনীচৰ ভেদভাৱঃ অনুসূচীত জাতিৰ লোকে খাদ্য ৰন্ধাৰ বাবেই ৫ ব্ৰাহ্মণে গ্ৰহণ নকৰিলে খাদ্য

নিয়মীয়া বাৰ্তা, ২৯ মে’:  জাতি, বৰ্ণবাদ ব্যৱস্থাৰ জন্ম পৃথিৱীৰ বাবে এক অভিশাপ ! মানুহে সৃষ্টি কৰা জাত, পাত, বৰ্ণ বিভাজনৰ বাবে দৈনিক আমাৰ সমাজত ঘটা এনে কিছুমান ঘটনা পোহৰলৈ আহে, যিয়ে এখন সমাজৰ লগতে সমাজখনত থকা মানুহখিনিৰ চিন্তাধাৰাক প্ৰতিফলিত কৰে ।

ক’ৰোনা ভাইৰাছ মহামাৰীয়ে যিসময়ত সমগ্ৰ বিশ্বতে লাখ লাখ জনসাধাৰণৰ প্ৰাণ কাঢ়িছে, থিক তেনে সময়তো সমাজৰ এনে কিছুমান ভেদভাৱৰ মহামাৰীয়ে জনসাধাৰণক আন এক সংকতৰ মাজলৈ লৈ গৈছে ।

উল্লেখ্য যে, ঝাৰখণ্ডত পোহৰলৈ আহিছে তেনে এক অতি দুখজনক ঘটনা । ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ এটা কোৱাৰেইন্টাইন চেন্টাৰত অনুসূচীত জাতিৰ লোকে খাদ্য ৰন্ধাৰ বাবেই, সেই খাদ্য গ্ৰহণ নকৰিলে ৫ জন ব্ৰাক্ষ্মণে ।

টাইমছ নাউৰ এক প্ৰতিবেদন মতে, এই ঘটনা হাজাৰীবাঘৰ বিষ্ণুনগৰ ব্লকত বনাছো কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হয় । য’ত কভিড-১৯ সংক্রমনৰ বিৰুদ্ধে সতর্কতামূলক ব্যৱস্থা হিচাবে বিভিন্ন ৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা প্রায় ১০০ জন লোকক পৃথকে ৰখা হৈছিল।

অৱশ্যে পাছত গাঁওখনৰ গাঁওবুঢ়াই জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি তেওঁলোক ৫ জনৰ বাবে শুকান খাদ্য সামগ্ৰী যোগান ধৰে আৰু তেওঁলোকক পৃথকে বনাই খাবলৈ পৰামৰ্শ দিয়া হয় ।

আনহাতে, হাজাৰীবাঘ জিলাৰ উপায়ুক্ত ভূৱনেশ প্ৰতাপ সিঙে এই সমগ্ৰ ঘটনাৰ বুজ লয় । উপায়ুক্তগৰাকীয়ে কয়- “৫ গৰাকী ব্ৰাক্ষ্মণে দেশৰ এনে জটিল পৰিস্থিতিৰ সময়ত এই বিষয়টো উত্থাপন কৰিব নালাগিছিল । যিটো এতি দুখজনক ।”

You might also like