নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ লাখ এ কে–২০৩ ৰাইফলত অনুমোদন কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: প্রতিৰক্ষা খণ্ডত দেশ আত্মনির্ভৰ হোৱাৰ আন এক পদক্ষেপ কেন্দ্রৰ৷ উত্তৰ প্রদেশৰ আমেথিৰ কৰ’ৱাত নির্মীয়মাণ বন্দুক নির্মাণ প্রকল্পত পাঁচ লক্ষাধিক অত্যাধুনিক এক কে–২০৩ ৰাইফল নির্মাণত অনুমোদন জনাইছে কেন্দ্রই৷ চৰকাৰী বিবৃতিত প্রকাশ পোৱা মতে, আমেথিত স্থাপন কৰিবলগীয়া বন্দুক নির্মাণ প্রকল্পটোত ৰাছিয়াৰ অংশীদাৰিত্ব থাকিব৷ ৰাছিয়াই নির্মাণ কৰা এ কে–৪৭ৰ নতুন সংস্কৰণ অত্যাধুনিক এ কে–২০৩ ৰাইফল আমেথিৰ বন্দুক নির্মাণ কাৰখানাটোত নির্মাণ কৰা হ’ব বুলি চৰকাৰী বিবৃতিটোত প্রকাশ পাইছে৷

উল্লেখ্য যে বিগত তিনি দশক ধৰি ভাৰতীয় সেনা বাহিনীয়ে ব্যৱহাৰ কৰি থকা ইনছাছ ৰাইফলৰ স্থানত অত্যাধুনিক এ কে–২০৩ ৰাইফল সেনাই ব্যৱহাৰ কৰিব৷ আধুনিক প্রযুক্তিৰে তৈয়াৰ কৰিবলগীয়া ৰাছিয়াৰ পূর্বৰ এ কে–৪৭ৰ তুলনাত আমেথিত নির্মাণ কৰা এ কে–২০৩ অধিক শক্তিশালী হ’ব৷ এই অত্যাধুনিক ৰাইফলটোৰে ৩০০ মিটাৰ দূৰত্ব অর্থাৎ তিনিখন ফুটবল খেলপথাৰতকৈ অধিক পৰিধি অতিক্রম কৰিব পাৰিব৷ সন্ত্রাসবিৰোধী আৰু উগ্রপন্থীবিৰোধী অভিযানত এই অত্যাধুনিক ৰাইফলটো সেনাই ব্যৱহাৰ কৰিব৷

ভাৰত আৰু ৰাছিয়াৰ যুটীয়া প্রতিষ্ঠান ইণ্ডো–ৰাছিয়ান ৰাইফলছ প্রাইভেট লিমিটেড, চমুকৈ আই আৰ আৰ পি এলে আমেথিত নির্মাণ হ’বলগীয়া বন্দুক কাৰখানাটো পৰিচালনা কৰাৰ সিদ্ধান্ত আছিল যদিও শেহতীয়াভাৱে এই প্রতিষ্ঠানটোৰ নাম এডভান্স ৱেপনছ এণ্ড ইকুপমেণ্ট ইণ্ডিয়া, মুনিছন ইণ্ডিয়া লিমিটেড আৰু ৰ’ছোবৰোনেক স্প’ট অৱ ৰাছিয়া ৰখা হৈছে৷ অর্থাৎ নতুনকৈ সৃষ্টি কৰা যুটীয়া প্রতিষ্ঠানকেইটাই আমেথিত বন্দুক নির্মাণ কাৰখানা স্থাপন কৰি ভাৰতৰ বাবে অত্যাধুনিক অস্ত্র–শস্ত্র নির্মাণ কৰিব৷ দেশতেই থলুৱাভাৱে নির্মিত অত্যাধুনিক অস্ত্রই প্রতিৰক্ষা খণ্ডটো আত্মনির্ভৰ কৰিব বুলিও বিবৃতিত প্রকাশ পাইছে৷

You might also like