ক’ভিড বিধিৰে ৫ ৰাজ্যত বিধানসভা নির্বাচনৰ দিন ঘোষণা
- ১৫ জানুৱাৰীলৈ ৰোডশ্ব’–পদযাত্রা–জনসভাত নিষেধাজ্ঞা
- ১০ মার্চত ঘোষণা হ’ব ফলাফল
- ভার্চুৱেল–ডিজিটেল মাধ্যমত নির্বাচনী প্রচাৰত গুৰুত্ব
- সন্ধিয়া ৮ বজাৰ পূর্বেই অন্ত পৰিব প্রচাৰ
- মহিলাৰ বাবে থাকিব মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্র
- ক’ৰোনা আক্রান্তৰ বাবে প’ষ্টেল বেলটৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ অমিক্রনৰ সংহাৰ তথা ক’ভিড মহামাৰীৰ তৃতীয় জোৱাৰক লৈ দেশবাসীৰ মাজত আতংক সৃষ্টি হ’লেও উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱা বিধানসভা নির্বাচন সময় মতেই অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল নির্বাচন আয়োগে৷ দেশৰ নির্বাচন আয়োগে শনিবাৰে এই পাঁচোখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণা কৰিছে৷ আগন্তুক ১০ ফেব্রুৱাৰীৰ পৰা ৭ মার্চলৈ এই ৰাজ্যসমূহৰ নির্বাচন অনুষ্ঠিত হ’ব৷ মুঠ ১৮ কোটি ৩০ লাখ ভোটাৰে অংশগ্রহণ কৰিবলগীয়া এই বৃহৎ গণতান্ত্রিক প্রক্রিয়াৰ ভিতৰত উত্তৰ প্রদেশত ৭টা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ লগতে মণিপুৰত ২টা পর্যায়ত আৰু পঞ্জাব, গোৱা তথা উত্তৰাখণ্ডত একেটা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত কৰা হ’ব বুলি আজি দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই ঘোষণা কৰিছে৷ আগন্তুক ১০ মার্চত আটাইকেইখন ৰাজ্যৰ নির্বাচনী ফলাফল ঘোষণা কৰা হ’ব বুলিও আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে৷ ১০ ফেব্রুৱাৰীৰ পৰা ৭ মার্চলৈ মুঠ ৭টা পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব দেশৰ আটাইতকৈ জনবহুল ৰাজ্য তথা ৰাজনীতিৰ ক্ষেত্রত গুৰুত্বপূর্ণ হিচাপে বিবেচিত উত্তৰ প্রদেশত৷ ৰাজ্যখনত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব ১০ ফেব্রুৱাৰীত৷
ইয়াৰ পাছতে ১৪ ফেব্রুৱাৰীত দ্বিতীয় পর্যায়ৰ নির্বাচন উত্তৰ প্রদেশত অনুষ্ঠিত হোৱাৰ উপৰি একেদিনাই একেটা পর্যায়ত পঞ্জাব, গোৱা আৰু উত্তৰাখণ্ড বিধানসভাৰো নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োগে৷ লক্ষণীয়ভাৱে ২০ আৰু ২৩ ফেব্রুৱাৰীত উত্তৰ প্রদেশত ক্রমে তৃতীয় আৰু চতুর্থ পর্যায়ৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ ইফালে ২৭ ফেব্রুৱাৰীত উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হোৱাৰ উপৰি উত্তৰ প্রদেশত পঞ্চম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব৷ আগন্তুক ৩ মার্চত উত্তৰ প্রদেশত ষষ্ঠ আৰু মণিপুৰত দ্বিতীয় তথা অন্তিম পর্যায়ৰ নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োগে৷ ৭ মার্চত উত্তৰ প্রদেশত সপ্তম তথা অন্তিম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে৷
লক্ষণীয়ভাৱে ক’ভিড পৰিস্থিতিৰ মাজত গভীৰ প্রত্যাহ্বান সত্ত্বেও স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ সংকল্পবদ্ধ হোৱা আয়োগে আগন্তুক ১০ মার্চত আটাইকেইখন ৰাজ্যৰ ফলাফল ঘোষণা কৰিব বুলি উল্লেখ কৰিছে মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই৷ তিনিওখন ৰাজ্যৰ বিধানসভা নির্বাচন কঠোৰ ক’ভিড প্রট’কলৰ মাজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ১৫ জানুৱাৰী পর্যন্ত কোনো এখন ৰাজ্যতেই নির্বাচনী প্রচাৰৰ নামত জনসভা অনুষ্ঠিত কৰিব পৰা নাযাব৷ ইফালে নিশা ৮ বজাৰ পূর্বেই প্রার্থীসকলে নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব বুলিও কঠোৰ নির্দেশনা জাৰি কৰা হৈছে৷ প্রথমবাৰলৈ ৫ ৰাজ্যৰ বিধানসভা নির্বাচনত ভার্চুৱেল আৰু ডিজিটেল মাধ্যমত প্রচাৰ চলোৱাৰ জোৰ দিয়া হৈছে৷ ক’ভিড পৰিস্থিতিৰ বাবেই পদযাত্রা, ৰোড শ্ব’, জনসভা আদিত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে আয়োগে৷
লক্ষণীয়ভাৱে আজি আয়োগৰ তৰফৰ পৰা প্রতিটো ৰাজনৈতিক দলৰ প্রার্থী সম্পর্কে সমস্ত তথ্য সবিস্তাৰে দলীয় ৱেবছাইটত আপলোড কৰিবলৈ নির্দেশ দিয়া হৈছে৷ প্রার্থীসকলৰ বিৰুদ্ধে কোনোধৰণৰ ফৌজদাৰী গোচৰ আছে নে নাই, সেয়াও স্পষ্টভাৱে ৱেবছাইটত উল্লেখ কৰিব লাগিব৷ স্মর্তব্য যে আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নির্বাচনত এক লাখৰো অধিক বুথত ৱেব কাষ্টিঙৰ ব্যৱস্থা থাকিব৷ নির্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৫খন ৰাজ্যৰ ভিতৰত উত্তৰ প্রদেশত ৪০৩টা সমষ্টি থকাৰ বিপৰীতে পঞ্জাবত ১১৭, উত্তৰাখণ্ডত ৭০, গোৱাত ৪০ আৰু মণিপুৰত ৬০টা বিধানসভা সমষ্টি আছে৷ আগন্তুক বিধানসভা নির্বাচনত বৃদ্ধি পাইছে ভোটকেন্দ্রৰ সংখ্যা৷ আয়োগৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি এইবাৰ ৰাজ্যকেইখনত বৃদ্ধি পাব ১৬ শতাংশ ভোট৷ পূর্বে একোটা ভোটকেন্দ্রত ভোটাৰৰ সংখ্যা আছিল ১,৫০০৷
এইবাৰ একোটা ভোটকেন্দ্রত ভোটাৰৰ সর্বোচ্চ সংখ্যা হৈছে ১,২৫০জন৷ অর্থাৎ ভোটকেন্দ্রত ভোটাৰৰ সংখ্যা হ্রাস কৰা হৈছে৷ ১৫ জানুৱাৰীৰ পাছত ক’ভিড পৰিস্থিতি নিৰীক্ষণ কৰি প্রচাৰৰ ক্ষেত্রত নতুন নির্দেশনা জাৰি কৰিব আয়োগে৷ অর্থাৎ দলসমূহে ৰোড শ্ব’, পদযাত্রা, বাইক–চাইকেল ৰেলী বা জনসভা অনুষ্ঠিত কৰিব পাৰিব নে নাই পৰিস্থিতি নিৰীক্ষণ কৰিহে আয়োগে এইক্ষেত্রত অনুমতি প্রদান কৰিব৷ পুৱা ৮ বজাৰ পূর্বে কোনোধৰণৰ প্রচাৰ সমাৱেশ উলিয়াব নোৱাৰিব প্রার্থীসকলে৷ লক্ষণীয়ভাৱে ফলাফল ঘোষণা হোৱাৰ পাছত বিজয় মিছিলো উলিয়াব নোৱাৰিব প্রার্থীয়ে৷ বিজয়ী প্রার্থীৰ সৈতে সর্বোচ্চ দুজনহে লোক থাকিব পাৰিব৷ ঘৰে ঘৰে গৈ প্রচাৰ চলোৱাৰ ক্ষেত্রত প্রার্থীয়ে লগত ৫জন লোককহে লৈ যাব পাৰিব৷
স্মর্তব্য যে ক’ভিড বিধি উলংঘা কৰা প্রার্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছে আয়োগে৷ নির্বাচনত নিয়োজিত কর্মীসকলৰ বাবে ক’ভিড ভেকচিনৰ দুয়োটা ড’জ লোৱাটো বাধ্যতামূলক৷ ইফালে নির্বাচনৰ পূর্বে পাঁচোখন ৰাজ্যত টিকাকৰণৰ গতি বৃদ্ধি কৰিব লাগিব বুলি ঘোষণা কৰিছে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে৷ ইতিমধ্যে গোৱাত ৯৫ শতাংশ লোকে দুটাকৈ ভেকচিন লাভ কৰিছে৷ উত্তৰাখণ্ডত ৯৯.৯ শতাংশ লোকে প্রথম ড’জ আৰু ৮৩ শতাংশ লোকে দ্বিতীয় ড’জ পাইছে৷ উত্তৰ প্রদেশত প্রথম ড’জ ভেকচিন ৯০ শতাংশ লোকে লাভ কৰাৰ বিপৰীতে দ্বিতীয় ড’জ লাভ কৰিছে ৫৩ শতাংশই৷ মণিপুৰ আৰু পঞ্জাবত টিকাকৰণৰ হাৰ উন্নত বুলি উল্লেখ কৰিছে আয়োগে৷ পাঁচোখন ৰাজ্যৰ নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পূর্বে মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই উল্লেখ কৰে যে সংবিধান মানি সময় মতে নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগ বাধ্য৷ গতিকে ক’ৰোনা বিধি মানি নির্ধাৰিত সময়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আগবঢ়া হৈছে৷
নির্বাচনী প্রচাৰত পঞ্জাব, উত্তৰাখণ্ড আৰু উত্তৰ প্রদেশৰ কোনো প্রার্থীয়ে ৪০ লাখতকৈ অধিক টকা খৰচ কৰিব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে আয়োগে৷ ইফালে মণিপুৰ আৰু গোৱাত প্রচাৰৰ নামত প্রার্থীয়ে ৩৮ লাখতকৈ অধিক ধন খৰচ কৰিব নোৱাৰিব বুলিও ঘোষণা কৰা হৈছে৷ ক’ভিড সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো ভোটকেন্দ্রত ছেনিটাইজাৰ, মাস্ক, গ্ল’ভছৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে আয়োগে৷ লক্ষণীয়ভাৱে প্রথমবাৰলৈ ক’ৰোনা আক্রান্ত লোকে প’ষ্টেল বেলটৰ জৰিয়তে নির্বাচনত ভোটদান কৰিব পাৰিব৷ মহিলাসকলৰ সুবিধাৰ বাবে প্রতিটো বিধানসভা সমষ্টিত অন্ততঃ একোটাকৈ বুথ থাকিব, যাৰ পৰিচালনাৰ দায়িত্বত থাকিব মহিলা৷ কিছুসংখ্যক ভোটকেন্দ্রৰ পৰিচালনাৰ দায়িত্বত দিব্যাংগ লোকো থাকিব বুলি ঘোষণা কৰিছে আয়োগে৷