নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেটেলিয়নৰ জোৱানসহ যুৱকৰ আলফা স্বাধীনত যোগদান

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ মাজত থকা সংঘাতসদৃশ পৰিস্থিতিৰ কিছু শাম কাটিলেও নিষিদ্ধঘোষিত সংগঠনটোত দুজনকৈ যুৱক যোগদান কৰাৰ খবৰ প্রকাশ পাইছে৷ এজন টেঙাখাতৰ আৰু আনজন চাবুৱা আৰক্ষী থানাৰ অন্তর্গত জেৰাই গাঁৱৰ কৌশিক গোহাঁই বুলি জানিব পৰা গৈছে৷ দুয়ো অসম আৰক্ষী বেটেলিয়ানত কর্মৰত আছিল বাবেই এতিয়া চাঞ্চল্যকৰ বিষয় হৈ পৰিছে আলফা (স্বাধীন)ত যোগদান কৰা ঘটনাই৷ ডিব্রুগড জিলাৰ জেৰাই গাঁও নিৱাসী তনুৰাম গোহাঁইৰ জ্যেষ্ঠ পুত্র কৌশিক গোহাঁয়ে ৭ বছৰ পূর্বে অসম আৰক্ষী বেটেলিয়নত যোগদান কৰিছিল আৰু তিনিচুকীয়া জিলাৰ মাকুমস্থিত বেটেলিয়ানত কর্মৰত আছিল৷ ৩ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা বুলি কৌশিকৰ পিতৃয়ে জানিবলৈ দিছে৷

প্রচাৰিত খবৰৰ ভিত্তিত পৰিয়ালৰ পৰা প্রতিক্রিয়া গ্রহণ কৰিবলৈ জেৰাই গাঁৱত উপস্থিত হোৱা সাংবাদিকক তনুৰাম গোহাঁয়ে কয়– ‘তিনি জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল আৰু সংবাদ মাধ্যমৰ জৰিয়তেহে নিশ্চিত হওঁ সি অবাটে গৈছে৷’ পিতৃৰ ভাষ্য অনুসৰি কর্মথলীৰ সহকম্ আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পাছত কৌশিকে সংগঠনটোত যোগদান কৰাৰ কথা জানিবলৈ পায়৷ চাকৰি সূত্রে মাকুমতে বাস কৰিছিল পুত্র কৌশিকে আৰু মাজে–সময়ে ঘৰলৈ অহাৰ কথাও ব্যক্ত কৰে তনুৰাম গোহাঁয়ে৷ উল্লেখ্য যে নিষিদ্ধঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিজ গৃহ অৱস্থিত জেৰাই গাঁৱৰে যুৱক তথা আৰক্ষী জোৱানজন আলফাত যোগদান কৰাটো এক উল্লেখনীয় দিশ৷ কৌশিকৰ যোগদান সন্দর্ভত সংগঠনটোৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ বিচাৰি পৰিয়ালৰ ফালৰ পৰা কোনোধৰণৰ আহ্বান বা অনুৰোধ জনোৱা হোৱা নাই৷ দুগৰাকী পত্নীৰ লগতে এটি কন্যা সন্তানৰ পিতৃ কৌশিকৰ অৱস্থিতি সম্পর্কত নিৰাপত্তা বাহিনী আৰু আলফা (স্বাধীন)ৰ পৰা পৰিয়ালটোক বিশেষভাৱে একো জনোৱা হোৱা নাই বুলি জানিব পৰা গৈছে৷

You might also like