নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজে মেডিকেলৰ শিক্ষার্থী–চিকিৎসকসহ নিহত ৫৬

🔹 আহমেদাবাদ ট্রেজেডীত মৃতকৰ সংখ্যা ২৯৭লৈ বৃদ্ধি

🔹 একমাত্র জীৱিত যাত্রী ৰমেশ কুমাৰৰ শিহৰণকাৰী বর্ণনা

নিউজ ডেস্ক, ১৪ জুন : দেশৰ অন্যতম শোকাৱহ আহমেদাবাদ বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৯৭লৈ বৃদ্ধি পাইছে৷ ১২ জুনত আহমেদাবাদ চর্দাৰ বল্লভ ভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ কেইছেকেণ্ডমান পিছতে বয়িং ৭৮৭ ড্রিমলাইনাৰ এআই–১৭১ বিমানখন আৱাসিক এলেকাত দুর্ঘটনাত পতিত হোৱাত ২৪২জন যাত্রীৰ ভিতৰত ২৪১জনৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়৷ বিমানবন্দৰৰ সমীপত মেঘানী নগৰৰ বিজে মেডিকেল কলেজ হোষ্টেলত বিমানখনে খুন্দা মাৰি বিস্ফোৰণ ঘটাত কলেজ হোষ্টেলকে ধৰি ওচৰৰ কেইবাজনো লোক হতাহত হৈছিল৷ কালি বিজে মেডিকেল কলেজৰ এমবিবিএছ শিক্ষার্থী, চিকিৎসকসহ আন ৫৬জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাত এই বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৯৭লৈ বৃদ্ধি পালে৷ এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন আৱাসিক এলেকাত খুন্দা মাৰি বিস্ফোৰণ ঘটাত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হৈছে৷ কালি ঘটনাস্থলীত নিয়াৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনছিক বিশেষজ্ঞৰ দলো উপস্থিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও কালি তেওঁৰ গৃহৰাজ্যত বিমান দুর্ঘটনাস্থলী পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ ইপিনে, বিমানখনে খুন্দা মৰা মেডিকেল কলেজৰ ছাদত এটা ব্লেকবক্স উদ্ধাৰ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭১ৰ ব্লেকবক্সটো অগ্ণিনির্বাপক বাহিনীৰ বিষয়া আৰু দল এটাই বিশেষ যন্ত্রৰ দ্বাৰা দুর্ঘটনাস্থলীৰ হোষ্টেলৰ ছাদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই ব্লেকবক্সটো উদ্ধাৰ হোৱাৰ পিছতেই বিমানখনৰ দুর্ঘটনাক লৈ বিভিন্ন তথ্য জানিব পৰা যাব৷ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাত পতিত হোৱাৰ পিছতেই ডিজিচিএই বয়িং ৭৮৭–৮/৯ এয়াৰ ইণ্ডিয়াৰ বিমানৰ সুৰক্ষা সম্পর্কীয় বিষয়টো নিৰীক্ষণ কৰাৰ বাবে নির্দেশ জাৰি কৰিছে৷

জীৱিত একমাত্র যাত্রী ৰমেশ বিশ্বাস কুমাৰৰ শিহৰণকাৰী বর্ণনা

মই কেনেকৈ জীৱিত হৈ ওলালোঁ নাজানো৷– এই মন্তব্য বিশ্বাস কুমাৰ ৰমেশৰ৷ আহমেদাবাদৰ মেঘানী নগৰত দুর্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়া ১৭১ বিমানখনৰ ২৪২যাত্রীৰ ভিতৰত জীৱন্তে উদ্ধাৰ হোৱা একমাত্র যাত্রী বিশ্বাস কুমাৰ ৰমেশে এই মন্তব্য আগবঢ়াই বিমান দুর্ঘটনাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছে৷ চিকিৎসালয়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ব্রিটিছ নাগৰিক ৪০ বছৰীয়া ৰমেশে কয়– মোৰ চকুৰ সন্মুখতে সকলো ঘটি গৈছে৷ এতিয়াও সেই দুর্ঘটনাৰ পৰা কেনেদৰে ৰক্ষা পৰিলোঁ তাক লৈ সুস্থিৰ হ’ব নোৱাৰা ব্রিটিছ নাগৰিক ৰমেশে সাংবাদিকক কয় যে জ্বলন্ত বিমানখনৰ জৰুৰীকালীন ভগা দুৱাৰেৰে তেওঁ ওলাই আহিছিল৷ সন্মুখতে বিস্ফোৰণ হৈ গৈছে৷ উৰণৰ পিছতেই ছেকেণ্ডৰ ভিতৰতেই সকলোবোৰ ঘটি গৈছিল৷ বিমানখনৰ উৰণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিক লৈ ৰমেশে কয়– বিমানখনে গতি লোৱা নাছিল৷ কেৱল গৈ আছিল৷ কিন্তু হঠাতে তীব্র গতি লৈ গৈ অট্টালিকাত খুন্দা মাৰে আৰু বিস্ফোৰিত হয়৷ সকলো ছেকেণ্ডতে ঘটিছিল৷ মই তললৈ যোৱা বুলি ভাবিছিলোঁ৷ বিমানখনৰ খিৰিকীৰ কাষৰ আসন ১১এ-ত থকা যাত্রী ৰমেশে পুনৰ কয়– প্রথমতে মই ভাবিছিলোঁ মই মৰিছিলোঁ৷ পিছলৈ মই ভাবিলোঁ মই এতিয়াও জীয়াই আছোঁ৷ আৰু দেখিছিলোঁ কিবা খোলা আছে৷ মই নিজকে ধ্বংসস্তূপৰ পৰা কোনোৰকমে উলিয়াব পাৰিছিলোঁ৷ ভৰিৰে ঠেলি ঠেলি ওলাই আহিছিলোঁ আৰু চৌপাশে কোনোবা মৃত, কোনোবা মৰিবলৈ গৈ আছে তাক দেখিছিলোঁ৷ মই এতিয়াও বুজি পোৱা নাই মই কেনেকৈ ৰক্ষা পৰিলোঁ৷ উল্লেখ্য যে ডি ডি নিউজৰ সৈতে সাক্ষাৎকাৰত একমাত্র জীৱিত যাত্রী ৰমেশে এই শিহৰণকাৰী বর্ণনা কৰিছিল৷

 

You might also like