চলিত বর্ষৰ শেষত ২০–২৫ চহৰত উপলব্ধ হ’ব ৫–জি নেটৱর্ক
নিয়মীয়া বাৰ্তা, ১৯জুনঃ চলিত বর্ষৰ শেষৰ ফালে দেশৰ ২০–২৫ চহৰত ৫–জি নেটৱর্ক উপলব্ধ হ’ব৷ ইতিমধ্যে ৫–জি নেটৱর্কৰ পৰীক্ষণমূলক ব্যৱহাৰ আৰম্ভ হৈ গৈছে৷ পৰীক্ষণৰ সফলতাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় টেলিকম মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি দেশৰ ২০–২৫ চহৰত বর্ষটোৰ শেহৰ ফালে ৫–জি সেৱা প্রচলন হ’ব বুলি ঘোষণা কৰিছে৷ টেলিকম মন্ত্রীগৰাকীয়ে এই কথাও নিশ্চিত কৰি দিয়ে যে আন্তর্জাতিক গড় নিৰিখতকৈ ভাৰতত ৫–জি নেটৱর্কৰ মূল্য কিছু কম হ’ব৷ কিয়নো বিশ্বৰ ভিতৰতে এতিয়াও ভাৰতত ম’বাইল দাতাৰ ব্যয় মূল্য কম৷ দিল্লীৰ এখন সংবাদ মেলত কেন্দ্রীয় টেলিকম মন্ত্রীগৰাকীয়ে ৫–জি নেটৱর্কৰ দাতাৰ হাৰ আন্তর্জাতিক গড় হাৰ ২৫ মার্কিন ডলাৰতকৈ কম হ’ব বুলি উল্লেখ কৰি কয় যে ভাৰতত ম’বাইল দাতাৰ হাৰ ২ মার্কিন ডলাৰ হোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ৪–জি নেটৱর্কতকৈ ৫–জি নেটৱর্কৰ গতি ১০ গুণ দ্রুততৰ হ’ব৷