নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ কংগ্রেছ বিধায়কৰ ক্রছ ভোটিং : ৰাজ্যসভাত বিজেপি প্রার্থীৰ অভাৱনীয় জয়

🔹 সংকটত হিমাচল প্রদেশৰ কংগ্রেছ চৰকাৰ

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : ৰাজ্যসভা নির্বাচনত হিমাচল প্রদেশ কংগ্রেছৰ ৬ বিধায়কৰ ক্রছ ভোটিং৷ শাসকীয় কংগ্রেছৰ ৰাজ্যসভাৰ প্রার্থীগৰাকীৰ জয় নিশ্চিত থকাৰ পিছতো ৬ দলীয় বিধায়কৰ ক্রছ ভোটিঙৰ বাবে বিৰোধী বিজেপিৰ প্রার্থী ৰাজ্যসভালৈ অভাৱনীয়ভাৱে নির্বাচিত হোৱাৰ পাছতেই সংকটত হিমাচল প্রদেশৰ কংগ্রেছ চৰকাৰ৷ ৬ বিধায়কে নিজ দলৰ বিৰুদ্ধে ক্রছ ভোটিং কৰাৰ পাছত বিৰোধী বিজেপিয়ে ৰাজ্যখনl কংগ্রেছ চৰকাৰে শাসনত থকাৰ অধিকাৰ হেৰুৱাইছে বুলি দাবী কৰাই নহয়, মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখুৰ পদত্যাগ দাবী কৰিছে৷ বিজেপি নেতা তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ দাবী জনাইছে৷ উল্লেখ্য যে কালি অনুষ্ঠিত ৰাজ্যখনৰ ৰাজ্যসভাৰ সাংসদৰ নির্বাচনত ৬গৰাকী কংগ্রেছ বিধায়কে ক্রছ ভোটিং কৰাৰ পাছত শাসকীয় দলৰ প্রার্থী অভিষেক মনু সিংভী আৰু বিজেপিৰ প্রার্থী হর্ষ মহাজনৰ টাই হয়৷ ইয়াৰ পাছতে টছযোগে ৰাজ্যসভাত সাংসদ হিচাপে প্রথমবাৰৰ বাবে নির্বাচিত হয় বিজেপিৰ প্রার্থীগৰাকী৷ শাসকীয় দলৰ বিধায়কৰ মাজৰে ৬জনে ক্রছ ভোটিং কৰি অজ্ঞাত স্থানত আত্মগোপন কৰাৰ পাছত এগৰাকী শক্তিশালী কেবিনেট মন্ত্রী বিক্রমাদিত্য সিঙে পদত্যাগ কৰে৷ ৬ বিধায়কৰ ক্রছ ভোটিং কৰি দলৰ সৈতে যোগাযোগ বিচ্ছিন্ন আৰু আন এগৰাকী বিধায়ক তথা কেবিনেট মন্ত্রী বিক্রমাদিত্য সিঙে পদত্যাগ কৰাৰ পাছত কংগ্রেছ চৰকাৰ সংকটত পৰিছে৷ এক কথাত ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে হিমাচলত৷ কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খার্গেই জ্যেষ্ঠ নেতা ভূপিন্দৰ সিং হুদা আৰু ডি কে শিৱকুমাৰক আত্মগোপন কৰি থকা ৬ বিধায়কৰ সৈতে সম্পর্ক স্থাপন কৰি বুজা-পৰা কৰিবলৈ নিযুক্তি দিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে দুই জ্যেষ্ঠ নেতাই এইক্ষেত্রত এখোজো আগবাঢ়িব পৰা নাই৷ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখুৰ কাম কৰাৰ কৌশলৰ বাবেই বিধায়কসকল অসন্তুষ্ট হোৱা বুলি চর্চা হৈছে৷ আনকি মুখ্যমন্ত্রীগৰাকীক অসন্তুষ্ট বিধায়কে সলনি কৰাৰ বাবেও দাবী জনাই আহিছিল৷ কংগ্রেছৰ শীর্ষ নেতৃত্বই এই সন্দর্ভত বিশেষ গুৰুত্ব নিদিয়াৰ বাবেই দলটোৰ চৰকাৰখন সংকটত পৰিছে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী বীৰভদ্র সিঙৰ পুত্র কেবিনেট মন্ত্রী বিক্রমাদিত্য সিঙে মন্ত্রিত্ব ত্যাগ কৰি বিজেপিত যোগদানৰ সম্ভাৱনা প্রকট হৈ পৰাত কংগ্রেছৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দেশৰ শাসনত থকা তিনিখন প্রদেশৰ ভিতৰত এখন প্রদেশ কংগ্রেছে হেৰুওৱাৰ সন্ধিক্ষণত উপনীত হৈছে৷ লক্ষণীয় যে ৬৮ জনীয়া বিধানসভাত ৪০জন বিধায়কৰে কংগ্রেছে অনায়াসে ৰাজ্যসভাৰ প্রার্থী অভিষেক মনু সিংভীক বিজয়ী কৰাব পাৰিব লাগিছিল৷ কিন্তু ৬গৰাকী কংগ্রেছৰ বিধায়ক আৰু তিনিগৰাকী নির্দলীয় বিধায়কৰ ভোট লাভ কৰি বিজেপিৰ প্রার্থীগৰাকী ৰাজ্যসভালৈ নির্বাচিত হৈছে৷ তাৎপর্যপূর্ণ যে ২০২২ চনৰ বিধানসভা নির্বাচনত ৬৮জনীয়া বিধানসভাৰ ৪০খন আসন লাভ কৰি কংগ্রেছে বিজেপিৰ পৰা ৰাজ্যখন উদ্ধাৰ কৰিছিল৷ চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৩৫খন আসনৰ বিপৰীতে ৪০খন আসন পাই কংগ্রেছে সুস্থিৰ চৰকাৰ গঠন কৰিছিল৷ আনপিনে, তিনিজন নির্দলীয় বিধায়কৰ সমর্থনেৰে কংগ্রেছে ৪৩জন বিধায়কৰ সন্মতিত চৰকাৰ গঠন কৰিছিল৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ২৫খন আসন লাভ কৰিছিল৷ তথ্য অনুসৰি, যদি কংগ্রেছে ৪৩জন বিধায়কৰ নির্দলীয়সহ ৯জন বিধায়কৰ সমর্থন হেৰুৱায়, তেতিয়াহ’লে কংগ্রেছৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাব আৰু চৰকাৰৰ পতন ঘটিব৷ ৰাজনৈতিক সমীকৰণ মতে, নির্দলীয়সহ ৯ বিধায়কৰ সমর্থন বিজেপিয়ে লাভ কৰিলে দলটোৰ বিধায়কৰ সংখ্যা হ’বগৈ ৩৪৷ এই সংখ্যাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে৷ কিন্তু কংগ্রেছী মন্ত্রী বিক্রমাদিত্য সিঙে পদত্যাগ কৰি বিজেপিত যোগদান কৰিলে চৰকাৰ গঠন কৰাৰ মেজিক সংখ্যা লাভ কৰিব বিজেপিয়ে৷ সম্প্রতি ৰাজ্যখনত চলি থকা ৰাজনৈতিক অচলাৱস্থাই কংগ্রেছৰ তুলাচনী কিছু পৰিমাণে নমাইছে৷ আশ্চর্যজনকভাৱে বিজেপিৰ তুলাচনী ঊৰ্ধ্বগামী হৈ আছে৷ লোকসভা নির্বাচনৰ প্রাক্মুহূর্তত হিমাচল প্রদেশত কংগ্রেছৰ বাবে এয়া এক অশনি সংকেত৷

You might also like