🔹 চৰকাৰে আদায় দিবলৈ বাকী আছে ৪০০ কোটি টকা
নিউজ ডেস্ক, ২৮ জানুৱাৰী : আয়ুষ্মান ভাৰত আঁচনিৰ বকেয়া ধন বেচৰকাৰী হাস্পতালসমূহক সময় মতে নিদিয়াৰ অভিযোগ উঠিছে হাৰিয়ানাত৷ ইয়াৰ প্রতিবাদত কেন্দ্রৰ স্বাস্থ্য বীমা আঁচনিৰ এই সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে হাৰিয়ানাৰ ৬০০ বেচৰকাৰী হাস্পতালে৷ সংবাদ সংস্থা এএনআইৰ সূত্রই সদৰী কৰা অনুসৰি, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আইএমএ)ৰ হাৰিয়ানা শাখাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রতিবেদন অনুসৰি, ৰাজ্যখনৰ ব্যক্তিগত হাস্পতালসমূহত আয়ুষ্মান ভাৰত আঁচনিত প্রায় ৪০০ কোটি টকা আদায় দিবলৈ বাকী আছে চৰকাৰে৷ এই ধন শীঘ্রে আদায় নিদিলে আগন্তুক ৩ ফেব্রুৱাৰীৰ পৰা হাৰিয়ানাৰ ৬০০ ব্যক্তিগত হাস্পতালত আয়ষ্মান ভাৰত আঁচনিৰ সেৱা বন্ধ কৰা হ’ব বুলি হুংকাৰ দিছে আইএমএই৷ স্মর্তব্য যে হাৰিয়ানাত প্রায় ১,৩০০ হাস্পতালত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা আছে, ইয়াৰ ভিতৰত ৬০০ বেচৰকাৰী হাস্পতাল আছে৷ অর্থাৎ এই ৬০০ বেচৰকাৰী হাস্পতালে আয়ুষ্মান আঁচনিৰ বকেয়া ধন আদায় নাপালে এই সেৱা বন্ধ কৰিব৷