লক্ষ্য কিয়েভ দখলঃ আগুৱাইছে ৬৪ কিলোমিটাৰ দীঘলীয়া ৰাছিয়াৰ সেনা কনভয়
বিশেষ বাৰ্তা, ১মাৰ্চঃ ইউক্ৰেইনত আৰু বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে ৰাছিয়াই। ছেটেলাইট ছবিয়ে তাকেই কৈছে। মেক্সাৰ টেকন’লজীয়ে প্রকাশ কৰা সেই ছেটেলাইট ছবিত দেখা গৈছে প্রায় ৬৪ কিলোমিটাৰ দীঘলীয়া ৰাছিয়াৰ সেনা কনভয় ইউক্রেইনৰ ৰাজধানী কিয়েভৰ পিনে আগুৱাইছে। ইউক্রেইনৰ উত্তৰ পিনে দেখা গৈছে সেই কনভয়। কিয়েভ আৰু খাৰকিয়েভত প্রৱল বাধাৰ সম্মুখীন হৈছে ৰুছ সেনাবাহিনী। তেওঁলোকক দিকভ্রান্ত কৰিবলৈ কিয়েভ আৰু খাৰকিভত সোমোৱাৰ পথৰ চিহ্ন মছি পেলোৱা হৈছে। ঠায়ে ঠায়ে ইউক্রেইনী সেনা আৰু নাগৰিকৰ বাধাৰ মুখামুখি হৈছে ৰুছ সেনা। ফলত আৰু বৃহৎ আক্ৰমণ চলাবলৈ বিশাল কনভয়ৰে কিয়েভ আৰু খাৰকিয়েভত আক্ৰমণ চলোৱাৰ চেষ্টা চলাইছে ৰাছিয়াই। ইউক্রেইনৰ চহৰ ইভানকিয়েভতো প্রায় ছয় কিলোমিটাৰ দীঘল ৰুছ সেনাৰ কনভয় চেভচেংকাৰ পথেৰে কিয়েভৰ পিনে আগুৱাইছে। সেই কনভয়ত টেংক, ছেলফ প্রপেলড আর্টিলাৰী, ইনফান্ট্রী ফাইটিং ভেহিকলছ আছে। খাৰকিয়েভৰ ভিতৰত সোমাব নোৱাৰি সোমবাৰে ধাৰাবাহিক বোমাবর্ষণ কৰিছে ৰাছিয়াই। সেই আক্ৰমণত ১১ জন নাগৰিকৰ মৃত্যু হৈছে বুলি জনাইছে ইউক্রেইনে। কিয়েভতো ১৪টা শিশুসহ ৩৫২ জন নাগৰিকৰ মৃত্যু হৈছে।