নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপনত সময় নষ্ট : দর্শকক ৬৫ হাজাৰ ক্ষতিপূৰণ

🔹 বেংগালুৰুত চলচ্চিত্র প্রেক্ষাগৃহৰ বিৰুদ্ধে গোচৰত জয়লাভ যুৱকৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : টিভিৰ পৰা ইউটিউবলৈ বিজ্ঞাপনৰ অত্যাচাৰ সহ্য কৰা অভ্যাস হৈ গৈছে সাধাৰণ জনতাৰ৷ কিন্তু সকলোৱেই জানো বিজ্ঞাপনৰ দ্বাৰা বিৰক্ত নোহোৱাকৈ থাকিব পাৰে! বেংগালুৰুৰ বাসিন্দা যুৱক এজনে নিজৰ ক্ষোভ দেখুৱাই দিলে৷ অভিষেক নামৰ যুৱকজনে চিনেমা আৰম্ভ হোৱাৰ পূর্বে ২৫ মিনিট ধৰি প্রেক্ষাগৃহত বিজ্ঞাপন দেখুওৱা ঘটনাক লৈ ক্ষোভ প্রকাশ কৰে৷ সময় নষ্ট কৰাৰ অভিযোগত জনপ্রিয় প্রেক্ষাগৃহ আৰু টিকট বুকিং সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যুৱকজনে৷ এই গোচৰত জয়লাভ কৰিছে অভিষেকে৷ আদালতে ৬৫ হাজাৰ টকা ক্ষতিপূৰণৰ নির্দেশ দিছে প্রেক্ষাগৃহ কর্তৃপক্ষক৷ ঘটনাটো ২০২০ চনৰ৷ বেংগালুৰুৰ জনপ্রিয় প্রেক্ষাগৃহ পিভিআৰ আইনক্সত বিয়লি ৪ বজাৰ পৰা ‘শ্যাম বাহাদুৰ’ চাবলৈ গৈছিল অভিষেকে৷ বুকিং এপ ‘বুক মাই শ্ব’ৰ পৰা টিকট ক্রয় কৰিছিল ৩০ বছৰীয়া যুৱকজনে৷ সন্ধিয়া ৬.৩০ বজাত চিনেমা শেষ হোৱাৰ কথা আছিল যদিও ২৫ মিনিট ধৰি বিজ্ঞাপন দেখুৱাই থকাৰ বাবে শ্ব’ শেষ হোৱাত পলম হৈছিল৷ এই ঘটনাত ক্ষুব্ধ হৈ গোচৰ তৰিছিল যুৱকজনে৷ শেহতীয়াকৈ যুৱকজনক আদালতে ন্যায় প্রদান কৰা বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

You might also like