🔹 বিয়াৰ দুমাহ পাছতে চৰম পথ বাছি ল’লে তৰুণীয়ে
নিউজ ডেস্ক, ১ জুলাই : যৌতুক হিচাপে দিয়া হৈছিল ৭০ লাখ টকাৰ ভলভো গাড়ী, প্রায় ১ কিলোগ্রাম অলংকাৰ৷ তাৰ পিছতো বোৱাৰীক নির্যাতন চলাবলৈ এৰা নাছিল স্বামীৰ পৰিয়ালে৷ ধাৰাবাহিক নির্যাতনৰ বাবে বিয়াৰ দুমাহৰ ভিতৰতে চৰম পথ বাছি ল’বলৈ বাধ্য হ’ল বোৱাৰীজনীয়ে৷
চাঞ্চল্যকৰ এই ঘটনা ঘটিছে তামিলনাডুৰ তিৰুপ্পুৰ অঞ্চলত৷ চলিত বর্ষৰ এপ্রিল মাহত ২৭ বছৰ বয়সীয়া ৰিধন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কভিন কুমাৰ নামৰ যুৱকজন৷ ব্যৱসায়ী পৰিয়ালৰ কন্যা ৰিধন্যাৰ বিয়াত দৰাপক্ষক যৌতুক দিয়াৰ ক্ষেত্রত কোনোধৰণৰ কার্পণ্য কৰা হোৱা নাছিল। বহু মূল্যৱান সামগ্রীৰ ভিতৰত আছিল ৭০ লাখ টকাৰ ভলভো গাড়ী, প্রায় এক কিলোগ্রাম সোণৰ অলংকাৰ আৰু অন্য বহু সামগ্রী৷
অভিযোগ অনুসৰি, বিয়াৰ মাত্র ১০ দিনৰ ভিতৰতে পুনৰ যৌতুকৰ দাবীত ৰিধন্যাৰ ওপৰত আতিশয্য চলাবলৈ ধৰে শহুৰেকৰ ঘৰৰ পৰিয়ালে৷ দিনে দিনে এই আতিশয্য বৃদ্ধি পাবলৈ ধৰে৷ এনে পৰিস্থিতিত যোৱা দেওবাৰে মন্দিপালয়ম অঞ্চলৰ এটা মন্দিৰত পূজা দিবলৈ যায় ৰিধন্যাই৷ পূজা দিবলৈ যোৱা অৱস্থাতে বিহ পান কৰি চৰম পথ বাছি লয় নৱবিবাহিতা বোৱাৰীজনীয়ে৷