নিয়মীয়া বাৰ্তা, ১২ মে’ : ভাৰতত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৷ যোৱা ২৪ ঘণ্টাত দেশখনত এদিনতে ৪,২১৩জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈ অভিলেখ ৰচাৰ পাছত আজিও সেই ধাৰা অব্যাহত আছে ৷ শেহতীয়া তথ্য অনুসৰি ভাৰতত সোমবাৰে পুনৰ ৩৫৮৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে ৷ ফলত দেশত ক’ৰোনাত মুঠ আক্রান্তৰ সংখ্যা ৭০,৭৬৬জনলৈ বৃদ্ধি পালে ৷ ইফালে সোমবাৰে ৮১জন লোকৰ মৃত্যুৰ পাছত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি হ’ল ২,২৯৪জনলৈ ৷ মহাৰাষ্ট্রত সর্বাধিক ২৩,৪০১জন, গুজৰাটত ৮,৫৪২জন, তামিলনাডুত ৮,০০২জন, দিল্লীত ৭,২৩৩জন, মধ্যপ্রদেশত ৩,৭৮৫জন, উত্তৰ প্রদেশত ৩,৫৭৪জন লোক আক্রান্ত হৈছে ৷ আনহাতে, মৃতকৰ সংখ্যাৰে শীর্ষত আছে মহাৰাষ্ট্র ৷ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮৬৮জন লোকৰ মৃত্যু হৈছে ৷ তদুপৰি গুজৰাটত ৫১৩জন, মধ্যপ্রদেশত ২২১জন, পশ্চিমবংগত ১৯০জন, ৰাজস্থানত ১১৩জন লোকৰ মৃত্যু হৈছে ৷ অৱশ্যে দেওবাৰৰ দিনটোত ১০খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত এটাও ক’ৰোনা ভাইৰাছ সংক্রমণ হোৱা নাই ৷ এই ৰাজ্যকেইখন হ’ল আন্দমান–নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্রদেশ, দাদৰা আৰু নগৰহাভেলী, গোৱা, জম্মু–কাশ্মীৰ, লাডাখ, মণিপুৰ, ওড়িশা, মিজোৰাম আৰু পুডুচেৰী ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি জনোৱা মতে, দেশত আৰোগ্যৰ হাৰ ৩১.৫ শতাংশলৈ বৃদ্ধি পাইছে ৷ যোৱা ২৪ ঘণ্টাত ১,৫৫৯জন লোক আৰোগ্য হোৱাৰ পাছত মুঠ সংখ্যা ২০,৯১৭জনলৈ বৃদ্ধি পালে ৷