দেশৰ প্রাপ্তবয়স্কৰ ৭৫ শতাংশক ক’ভিড টিকাকৰণঃ দেশবাসীক অভিনন্দন প্রধানমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযানত ভাৰতৰ প্রাপ্তবয়স্কৰ ৭৫ শতাংশক টিকাকৰণ সম্পূর্ণ কৰা হৈছে৷ ২০২১ বর্ষৰ ১৬ জানুৱাৰীত আৰম্ভ হোৱা ক’ভিড টিকাকৰণত ৭৫ শতাংশ প্রাপ্তবয়স্কৰ টিকাকৰণ সম্পূর্ণ হোৱা বুলি দেওবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই প্রকাশ কৰিছে৷ ক’ভিড টিকাকৰণৰ ক্ষেত্রত দেশে উল্লেখযোগ্য কৃতিত্ব লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রাপ্তবয়স্কৰ ৭৫ শতাংশৰ অধিক লোকক সম্পূর্ণ টিকাকৰণ হোৱা বুলি প্রকাশ কৰিছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে টুইটত কয়– ‘সব কা সাথ, সব কা প্রয়াস’ মন্ত্রৰে ভাৰতে ৭৫ শতাংশ প্রাপ্তবয়স্ক লোকক ভেকচিনৰ দুটাকৈ ড’জ প্রদান কৰিছে৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন আমি শক্তিশালী কৰি তুলিছোঁ৷ আমি সকলো নিয়ম মানি শীঘ্রেই ভেকচিন প্রদান কৰিব লাগে৷
ইপিনে, স্বাস্থ্যমন্ত্রীগৰাকীয়্ টুইটযোগে টিকাকৰণত দেশে উল্লেখযোগ্য কৃতিত্ব লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্রকাশ কৰাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰযোগে এই ঐতিহাসিক ক্ষণৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে ২০২১ বর্ষৰ ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হোৱা ক’ভিড টিকাকৰণ অভিযান বিভিন্ন পর্যায়ত আগবঢ়াই নি আছে৷ সম্প্রতি ক’ভিড যোদ্ধা, স্বাস্থ্যকর্মী আৰু ৬০ৰ ঊর্ধ্বৰ জটিল ৰোগত আক্রান্ত লোকক ক’ভিড বুষ্টাৰ প্রদান কৰি থকা হৈছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে ১৬৪.৩৬ কোটি ভেকচিনৰ ড’জ যোগান ধৰা হৈছে৷ সম্প্রতি ১২.৪৩ কোটি ভেকচিনৰ ড’জ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত মজুত হৈ আছে৷