নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোটিপতি ৯ বছৰীয়া শিশুঃ YouTubeৰ পৰা এইবছৰ আয় কৰিলে ২২১ কোটি টকা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিশ্বজুৰি ডিজিটেল মিডিয়াৰ প্ৰভাৱৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ই জনপ্ৰিয়তাৰ লগতে এক আয়ৰো প্লেটফর্ম। বহুতে ইয়াক আয়ৰ প্লেটফৰ্ম ৰূপে ব্যৱহাৰ কৰিছে। আয় আৰু জনপ্ৰিয়তাৰ এই জগতখনত আছে বহু ইউটিউবাৰ।

কিন্তু আপুনি জানি আচৰিত হ’ব যে ২০২০ চনত ইউটিউবৰ জৰিয়তে সর্বাধিক উপার্জন কৰিছে এটি ৯ বছৰীয়া শিশুৱে। এওঁ হ’ল মার্কিন যুক্তৰাষ্ট্রৰ টেক্সাছ চহৰৰ ৯ বছৰীয়া শিশু ৰিয়ান কাজী। ৰিয়ান কাজীয়ে ইউটিউবত খেলনা তথা গেম আনবক্স কৰে আৰু পর্যালোচনা কৰে। এনে কাৰ্যৰ ভিডিঅ’ৰ জৰিয়তে ২০২০ চনত কেৱল ইউটিউবৰ পৰা ২৯.৫ মিলিয়ন ডলাৰ অর্থাৎ প্রায় ২২১ কোটি আয় কৰিছে ৰিয়ানে।

ইয়াৰ উপৰি তেওঁ বিশ্বৰ ব্রেন্ডেড খেলনা তথা পোছাকৰ জৰিয়তেও ২০০ মিলিয়ন ডলাৰ আয় কৰিছে। ৰিয়ানে সম্প্রতি নিজৰ টিভি ছিৰিজৰো চুক্তি কৰিছে। কাজীৰ সর্বাধিক জনপ্রিয় ভিডিঅ’ হৈছে হিউজেছ এগ ছাৰপ্রাইজ টয় চেলেঞ্জ, য’ত তেওঁৰ আছে ২ বিলিয়নৰো বেশি ভিউ। এই ভিডিঅ’টি ইউটিউবৰ ইতিহাসত সর্বাধিক প্ৰত্যক্ষ কৰা ৬০টা ভিডিঅ’ৰ অন্তর্ভুক্ত।

২০১৫ চনত মাত্ৰত ৪ বছৰ বয়সৰ পৰা ভিডিঅ’ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল ৰিয়ানে। ৰিয়ানৰ জনপ্রিয়তা দেখি অনেক গেমৰ সংস্থা তেওঁৰ ওচৰলৈ আহে গেম আনবক্সিং আৰু ৰিভিউ কৰাৰ বাবে। বহু মিলিয়ন লোকে ইউটিউবত তেওঁৰ এই ভিডিঅ’বোৰ চায়। এনেদৰে ৰিয়ান নিজকে বিগত পাঁচ বছৰ ধৰি এক সফল ব্রেন্ড হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়।

You might also like