নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুলৰ কাষৰ মদৰ দোকান বন্ধৰ দাবীত হাইক’ৰ্টত ৫ বছৰীয়া শিশু

🔹 ৰাজ্য চৰকাৰক জবাবদিহি উচ্চ ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : স্কুলৰ সন্মুখতেই মদৰ দোকান৷ এই মদৰ দোকানত ডিঙিলৈকে গিলি একাংশ লোকে সঘনে তাণ্ডৱ সৃষ্টি কৰে৷ এই বিষয়টোক লৈ অতিষ্ঠ হৈ পৰে শিক্ষক–শিক্ষয়িত্রী তথা শিক্ষার্থীসকল৷ কিন্তু প্রশাসনে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰে৷ এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে ৫ বছৰীয়া এটি কণমানিয়ে৷ কানপুৰৰ আজাদ নগৰৰ শেঠ জয়পুৰীয়া স্কুলৰ ৫ বছৰীয়া অথর্ব নামৰ শিশুটিয়ে পিতৃৰ জৰিয়তে গৈ উচ্চ ন্যায়ালয়ত জনস্বার্থ জড়িত গোচৰ ৰুজু কৰে৷ এই আবেদনত উল্লেখ কৰা হৈছে যে সুৰামত্ত লোকসকলে সঘনে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে৷ গতিকে শীঘ্রে এই মদৰ দোকান বন্ধ কৰিব লাগে৷ উল্লেখনীয় যে বিষয়টোক লৈ ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ পৰৱর্তী শুনানিৰ দিন ১৩ মার্চ৷ বিদ্যালয়ৰ সমীপত সুৰাৰ দোকান কেনেদৰে মুকলি কৰাৰ অনুমতি দিয়া হ’ল, তাক লৈ প্রশ্ণ তুলিছে ২গৰাকী ন্যায়াধীশৰ বিচাৰপীঠে৷

You might also like