নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত ভূমিস্খলনঃ ছ’চিয়েল মিডিয়াত ফটো দিয়াৰ কেইটামান মুহূৰ্তৰ পাছতেই চিকিৎসকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ হিমাচল প্রদেশৰ কেইবাস্থানতো মুষলধাৰ বৃষ্টিপাতৰ পিছত সংঘটিত ভূমিস্খলনৰ ঘটনাত কম পক্ষেও ৯গৰাকী পর্যটক নিহত হৈছে৷ এই ঘটনাত আহত হৈছে অন্য তিনিগৰাকী লোক৷ ভূমিস্খলনৰ ফলত ছাংলা উপত্যকাৰ বাগছেৰী দলং ভাগি পৰা উপৰি বিভিন্ন স্থানত ভূমিস্খলনে যাতায়াত ব্যৱস্থা ব্যাহত কৰিছে৷

উল্লেখনীয় যে ১১গৰাকী পর্যটক কঢ়িয়াই অনা বাহন এখনৰ ওপৰত প্রকাণ্ড শিল এটা আহি পৰাৰ ফলত ৯গৰাকী পর্যটকৰ ঘটনাস্থলীতে মৃত্যু হয়৷ অন্য দুগৰাকী পর্যটক আৰু বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷

ইপিনে এই ঘটনাতে এগৰাকী চিকিৎসকৰ মৃত্যু হৈছে। উল্লেখনীয় যে ড০ দীপা শৰ্মাৰ নামৰ এইগৰাকী চিকিৎসক মৃত্যুৰ কেইটামান মূহু্ৰ্তৰ আগতে টুইট কৰিছিল এখন ফটো।

দীপা শৰ্মা জয়পুৰৰ এগৰাকী আয়ুৰ্বেদিক চিকিৎসক (Ayurveda doctor )আছিল। তেওঁৰ বাহনখন কিন্নৌৰ জিলাৰ এখন দলঙৰ ওপৰত থকা অৱস্থাতে পাহাৰৰ পৰা বাগৰি অহা শিলে খুন্দা মাৰিছিল। ইয়াৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হৈছিল।

You might also like