নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানেৰী চাহ বাগিছাত ‘আছা’ ৰ ১৮ তম শ্বহীদ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ অতীতৰ পৰাই অসমত বসবাস কৰি অহা বৃহত্তৰ আদিবাসী জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী যেনে- শিক্ষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ, জনজাতিকৰণৰ অধিকাৰ আদিকে কৰি বিভিন্ন সমস্যাৱলীৰ ওপৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব যাওঁতে ১৯৯৬ চনৰ পৰা ২০১১ চনলৈ ১৮ জনকৈ সংগ্ৰামী আদিবাসী জনগোষ্ঠীয় যুৱক শ্বহীদ হ’বলগীয়া হৈছিল।

ইয়াৰে ভিতৰত ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত ২০০৩ চনৰ ২৫ জুলাই তাৰিখে আৰক্ষীৰ গুলিত ৮ জনকৈ যুৱক শ্বহীদ হ’বলগীয়া হৈছিল। তেতিয়াৰ পৰাই ২৫ জুলাই তাৰিখে সমগ্ৰ অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) য়ে শ্বহীদ দিৱস উদযাপন কৰি আহিছে । পানেৰী চাহ বাগিচাত শ্বহীদ হোৱা যুৱক সকলৰ পৰিয়ালবৰ্গই শ্বহীদবেদীত গৈ মাল্যাৰ্পন কৰাৰ লগতে সকলোয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ লগতে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। লগতে উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছডা। কাৰ্যবাহী সদস্যগৰাকীয়ে শ্বহীদ পৰিয়ালক সাক্ষ্যাত কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি জনায়।

You might also like