নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রকাণ্ড সাপে মেৰিয়ালে শৰীৰ, তথাপি হুঁচ নাই সুৰাসক্ত ব্যক্তিৰ

🔹 ঘটনাৰ শিহৰণকাৰী ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল

নিউজ ডেস্ক, ১৯ অক্টোবৰ : ৰাস্তাৰ কাষতে থকা জোপোহাৰ সন্মুখত বহি আছে এজন ব্যক্তি৷ সুৰাৰ ৰাগিত মতলীয়া হৈ থকা ব্যক্তিজনৰ আশে–পাশে কি ঘটি আছে সেই সন্দর্ভত উপলব্ধি কৰিব পৰাকৈ সংজ্ঞা নাই৷ মাজে মাজে ডিঙিত বা মুখত পৰা মাখি হাতেৰে খেদিছে নিজৰ অজ্ঞাতে৷ সেই সময়তে ব্যক্তিগৰাকীৰ দেহত আহি অৱস্থান কৰিছে প্রকাণ্ড এডাল সাপে৷ সাপে আহি ব্যক্তিজনক ভক্ষণৰ চেষ্টা চলাইছে৷ কিন্তু তেওঁৰ কোনো হুঁচ নাই৷ কোনো ইংৰাজী চিনেমাৰ দৃশ্য নহয়, এই ভয়ংকৰ ঘটনা ঘটিছে অন্ধ্রপ্রদেশৰ ছিগানাপাল্লাত৷ ভাইৰেল হৈছে ইয়াৰ ভিডিঅ’৷ ভিডিঅ’টোত গাঁৱৰ বাসিন্দাসকলে চিৎকাৰ কৰাও শুনিবলৈ পোৱা গৈছে৷ পেছাত ট্রাকচালক এই ব্যক্তিজনে কামৰ শেষত আকণ্ঠ সুৰাপান কৰে৷ সুৰাপান কৰি ঘৰলৈ যাব নোৱাৰিলে তেওঁ৷ গতিকে পথৰ কাষৰ জোপোহাকে আশ্রয় কৰি শুই পৰে৷ সেই সময়ত জোপোহাৰ পৰা ওলাই আহে এই মৃত্যুদূতৰূপী সাপ৷ অৱশ্যে ডিঙিৰ পৰা ভৰিলৈকে প্রকাণ্ড সাপে মেৰিয়াই পেলালেও গাঁৱৰ জনসাধাৰণৰ বাবে এই ব্যক্তিজনৰ জীৱন ৰক্ষা পৰে৷ গাঁওবাসীয়ে লাঠী–টাঙোন লৈ আহি ব্যক্তিজনৰ দেহৰ পৰা সাপডালক এৰুৱাই খেদি দিবলৈ সক্ষম হয়৷ কিন্তু ইয়াৰ পিছতো তেওঁৰ সংজ্ঞা ঘূৰি নাহিল৷ মুখেৰে বিৰবিৰকৈ কিবা কৈ থাকে যদিও তেওঁ জানিব নোৱাৰিলে যে সুৰাৰ ৰাগিত থকা সময়তে তেওঁক আহি মৃত্যুদূতে চুই গ’ল৷

You might also like