নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনপৰশা কথাৰে ‘লিফ্ট’ দিয়াৰ নামত পথচাৰীক নৃশংস হত্যা

🔹 ১৮ মাহত ১১জনৰ প্রাণ লোৱাৰ পাছত আৰক্ষীৰ জালত দুর্বৃত্ত

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : ভদ্রলোকৰ বেশ ধৰি প্রথমে পথচাৰীক গাড়ীত লিফ্ট দিয়াৰ প্রস্তাৱ৷ মনপৰশা কথাত ৰাজী হৈ কোনোৱে গাড়ীত উঠিলে সেই যাত্রাই অন্তিম যাত্রা হোৱাৰ আশংকা! এনেদৰে যোৱা ১৮ মাহত ১১জনক হত্যা কৰিছিল পঞ্জাবৰ এক কুখ্যাত ছিৰিয়েল কিলাৰে৷ অৱশেষত আৰক্ষীৰ জালত পৰিছে এই অপৰাধী৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি যোৱা ১৮ আগষ্টত কর্টাৰপুৰ মানালি ৰোডত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ৷ এই ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে পঞ্জাবৰ হোছিয়াৰ জিলাৰ ৰূপনগৰৰ চৌৰা গাঁৱৰ বাসিন্দা ৰামস্বৰূপ ওৰফে সৌধিক গ্রেপ্তাৰ কৰে৷ ৩৭ বছৰীয়া এই যুৱকজনক জেৰা কৰাৰ পাছত পোহৰলৈ আহে শিহৰণকাৰী তথ্য৷ আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰে হত্যাৰ কথা৷ মাৰাথন জেৰাত যুৱকজনে সদৰী কৰা অনুসৰি ইয়াৰ পূর্বেও ১০জনক একেধৰণে হত্যা কৰা হৈছে৷ মাত্র ৰূপনগৰতেই হত্যা কৰা হৈছে তিনিজনক৷ আৰক্ষী সূত্রই সংবাদ মাধ্যমক জনোৱা অনুসৰি, হত্যাৰ প্রক্রিয়া একেবাৰে শিহৰণকাৰী৷ পথেৰে যোৱাৰ সময়ত কোনো অকলশৰীয়া পথচাৰীক লিফ্ট দিয়াৰ প্রস্তাৱ দিয়ে অভিযুক্তই৷ সৰল মনৰ এই প্রস্তাৱ গ্রহণ কৰে পথচাৰীয়ে৷ ইয়াৰ পাছতে মাজপথত কোনো নির্জন স্থানত গাড়ী ৰখাই পথচাৰীৰ ওপৰত আক্রমণ চলোৱা হয়৷ লোহৰ ৰড বা ইটাৰে পথচাৰীক হত্যা কৰি সকলো লুটি লোৱা হয়৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্য সৃষ্টি হৈছে পঞ্জাবত৷

You might also like