নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ ঘাতক ক’ভিড–১৯ত ২,৯০৩ ৰে’ল কর্মচাৰীয়ে প্রাণ হেৰুৱাইছে৷ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে এই তথ্য সদৰী কৰিছে৷
ক’ভিডত প্রাণ হেৰুওৱা ২,৯০৩ লোকৰ ভিতৰত ইতিমধ্যে এই পৰিয়ালৰ ১,৭৩২জনক নিযুক্তি প্রদান কৰা বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিবৃতিটোত প্রকাশ কৰিছে৷
তদুপৰি, ৰে’ল বিভাগৰ ৮,৬৩,৮৬৮ কর্মচাৰীক ভেকচিনৰ প্রথম ড’জ আৰু ২,৩৪,১৮৪ কর্মচাৰীক দ্বিতীয় ড’জ প্রদান কৰা হৈছে বুলিও মন্ত্রীগৰাকীয়ে সদৰী কৰিছে৷