🔹 নিমন্ত্রণী–পত্রত দুয়োগৰাকী প্রেমিকাৰ নাম লিখিলে যুৱকে
নিউজ ডেস্ক, ৩০ মার্চ : দুগৰাকী যুৱতীৰে প্রেম৷ এজনীকো প্রত্যাখানো কৰিব নোৱাৰে৷ জীৱনৰ পথত চলাৰ বাবে দুয়োজনীৰে সংগ লাগে যুৱকজনক৷ সেইবাবে একেটা মণ্ডপত দুয়োগৰাকী প্রেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল যুৱকজন৷ বিভিন্ন মহলৰ ভাবুকিক কোনোধৰণৰ গুৰুত্ব নিদিলে তেলেংগানাৰ এই যুৱকজনে৷ ধুমধামেৰে বিবাহ অনুষ্ঠানৰ আয়োজন কৰিলে৷ বন্ধু–বান্ধৱ তথা আত্মীয়ক বিবাহ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ল৷ আনকি, নিমন্ত্রণী–পত্রত দুয়োগৰাকী প্রেমিকাৰ নাম লিখি দিয়ে যুৱকজনে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিবাহ অনুষ্ঠানৰ ভিডিঅ’ ভাইৰেল হৈছে৷ জানিব পৰা গৈছে যে কুমাৰম ভীম আছিফাবাদ জিলাৰ গুমনুৰ গাঁৱৰ বাসিন্দা সূর্যদেৱ৷ সূর্যদেৱে দাবী কৰা অনুসৰি, একে সময়তে ঝলকাৰী দেৱী আৰু লাল দেৱী নামৰ দুই যুৱতীৰ সৈতে প্রেমত পৰিছিল তেওঁ৷ সেইবাবে দুয়োজনী যুৱতীক বিয়া কৰাইছে৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, দুয়োগৰাকী যুৱতীৰ সৈতে সহবাস কৰিব সূর্যদেৱে৷ অঞ্চলটোৰ বহুতেই তেওঁলোকৰ এই সম্পর্কৰ কথা মানি লোৱা নাই যদিও গাঁৱৰ পঞ্চায়তপ্রধানে সূর্যদেৱৰ সিদ্ধান্তক মানি ল’বলগীয়া হৈছে৷ পঞ্চায়তৰ মুৰব্বীয়ে সূর্যদেৱক দুয়োগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ অনুমতি দিয়াৰ পাছত অঞ্চলটোৰ অন্য লোকসকলে ইয়াৰ প্রতিবাদ কৰিব পৰা নাই৷