বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ বলীউডৰ সম্ৰাট বিগ-বি অমিতাভ বচ্চনৰ হিন্দী ভাষাত দখল, কথনশৈলী কোনো পণ্ডিতকৈ কম নহয়। এইবাৰ তেওঁৰে নাতিনী আৰাধ্যাৰ বাগ্মিতাৰ কৌশলে হাজাৰজনক মুগ্ধ কৰিছে। অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ কন্যা কণমানি আৰাধ্যাৰ হিন্দীত কবিতা আবৃত্তিৰ এটি ভিডিঅ’ই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে। বিগ-বিৰ উত্তৰ পুৰুষৰ এইজনী কণমানিক ভিডিঅ’ ক্লিপটোত স্কুলৰ ইউনিফ’ৰ্মত দেখা গৈছে আৰু তাই হিন্দী ভাষাৰ গুৰুত্বৰ কথা কৈছে। হিন্দী শিকিবলৈ কবিতা আবৃত্তিতকৈ আন একো উত্তম হ’ব নোৱাৰে। ভিডিঅ’টি শ্বেয়াৰ কৰি কোনো এজনে The legacy continues বুলি লিখা বাক্যশাৰীত অভিষেকে মন্তব্য নকৰাকৈ নোৱাৰিলে। পিতৃ অভিষেকে নমস্কাৰ তথা কৰযোৰে সেৱা কৰাৰ ইমোজীৰে সঁহাৰি দিলে।