নিয়মীয়া বাৰ্তা, ৩১ মেঃ বলীউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাৱটৰ দেহৰক্ষী কুমাৰ হেগড়েক ধর্ষণ আৰু প্রৱঞ্চনাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে৷
বিবাহৰ প্রতিশ্রুতি দি এগৰাকী বিউটিচিয়ানক ধর্ষণ কৰাৰ অভিযোগ অনা হৈৰে হেগড়েৰ বিৰুদ্ধে৷ কর্ণাটকৰ মানডিয়া জিলাৰ এখন গাঁৱৰ পৰা হেগড়েক গ্রেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে৷
সংবাদ প্রতিষ্ঠান পি টি আইৰ বাতৰি অনুসৰি মুম্বাই আৰক্ষীৰ এটা দলে কর্ণাটকৰ গাঁওখনৰ পৰা বিউটিচিয়ান গৰাকীৰ অভিযোগ পোৱাৰ পিছতে হেগড়েক গ্রেপ্তাৰ কৰিছে৷