নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীআদি শংকৰাচার্যৰ ১২ ফুটৰ প্রতিমূর্তি উন্মোচন মোদীৰ

১৩০ কোটি ব্যয় সাপেক্ষ কেদাৰনাথ পুনৰ নির্মাণ প্রকল্প উদ্বোধন

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: জম্মু–কাশ্মীৰত সেনাৰ সৈতে কালি দীপাৱলী উদ্যাপন কৰি শুকুৰবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত পূজা–র্চনা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ পূজা–অর্চনা কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে শ্রীআদি শংকৰাচার্যৰ ১২ ফুট উচ্চতাৰ প্রতিমূর্তি উন্মোচন কৰে৷ ২০১৩ চনত বানপানীত বিধ্বস্ত হোৱা শ্রীআদি শংকৰাচার্যৰ সমাধি আৰু শংকৰাচার্যৰ প্রতিমূর্তি উন্মোচন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– শ্রীআদি শংকৰাচার্যৰ ভক্তসকলে ইয়াত উদ্যমেৰে উপস্থিত হৈছে৷ দেশৰ সকলো মঠ আৰু জ্যোতিৰালিংগ আজি সংযুক্ত হৈছে৷

শ্রীআদি শংকৰাচার্যৰ প্রতিমূর্তিৰ লগতে কেদাৰনাথত ১৩০ কোটি টকা ব্যয়সাপেক্ষ পুনৰ নির্মাণ কৰা কেইবাটাও প্রকল্প উন্মোচন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ২০১৩ চনৰ তাণ্ডৱৰ পাছত জনতাই ভাবিবলৈ লৈছিল কেদাৰনাথ পুনৰ বিকশিত হ’বনে কিন্তু মোৰ অন্তৰাত্মাই সদায়েই এই কথা কৈ আছিল যে কেদাৰনাথ পুনৰ বিকশিত হ’ব৷ নতুন দিল্লীৰ পৰাই কেদাৰনাথক পুনৰ বিকশিত কৰা সকলো প্রকল্প অহৰহভাৱে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– ড্র’নৰ ফুটেজৰ জৰিয়তে মই ইয়াত চলি থকা বিভিন্ন কামৰ পর্যালোচনা কৰিছিলোঁ৷ মই এই কামবোৰত জড়িত হৈ থকা সকলোকে ধন্যবাদ জনাইছোঁ৷

মন কৰিবলগীয়া যে এটা সময় আছিল আধ্যাত্মিকতা আৰু ধর্মৰ সম্পর্ক ষ্টেৰি’টাইপ বুলি বিশ্বাস কৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– ভাৰতীয় দর্শনে মানৱ কল্যাণৰ কথা কয়, পৱিত্র দৃষ্টিভংগীৰে জীৱনক প্রত্যক্ষ কৰে৷ শ্রীআদি শংকৰাচার্যই এই সত্যতাৰে সমাজক সজাগ কৰাৰ হকে কাম কৰিছিল৷ ১৩০ কোটি টকা ব্যয়সাপেক্ষ পুনৰ নির্মাণ কৰা আন্তঃগাঁথনি প্রকল্প সৰস্বতী সংলগ্ণ অষ্টপথ আৰু ঘাটত বেৰ, মন্দাকিনীৰ অষ্টপথত বেৰ, তীর্থ পুৰোহিতৰ বাসগৃহ আৰু মন্দাকিনী নদীৰ ওপৰত গৰুড় ছাট্টি দলং উদ্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– এই নতুন প্রকল্প মুকলি কৰাটো এটা উৎসাহজনক দিন৷ কিয়নো ইয়ে বিকাশৰ কাৰণে পথ মুকলি কৰে দেৱভূমিত ভক্তসকলক সর্বোচ্চ সুৰক্ষা দিয়াৰ কাৰণে৷

তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে উত্তৰাখণ্ডত চৰধামলৈ সংযোগী পথ আৰু হেমকুণ্ড চাহিবৰ সমীপত ৰোপৱে’কে ধৰি বিভিন্ন আন্তঃগাঁথনি প্রকল্পৰ পৰিকল্পনা কৰা হৈছে৷ এই প্রকল্পৰ জৰিয়তে উত্তৰাখণ্ডলৈ অহা ভক্ত লাভান্বিত হ’ব৷ পৰৱর্তী ১০ বছৰত ৰাজ্যখনলৈ পর্যটকৰ ভিৰ বৃদ্ধি হ’ব, যিটো বিগত ১০০ বছৰে হোৱা নাছিল৷ প্রধানমন্ত্রী মোদীয়ে মন্দিৰত প্রার্থনা আৰু আৰতি কৰাৰ পাছত মন্দিৰৰ পিছফালে থকা ভীমশিলালৈ খোজকাঢ়ি যায়৷ কেদাৰনাথত বিভিন্ন কার্যসূচীত অংশ লোৱা প্রধানমন্ত্রীগৰাকীয়্ অযোধ্যাত বিশাল ৰাম মন্দিৰ নির্মাণ কৰি থকাৰ প্রসংগও উত্থাপন কৰি দীপোৎসৱ উদ্যাপনৰ বিষয়ে সদৰী কৰে৷

উল্লেখ্য যে প্রধানমন্ত্রীগৰাকীয়ে উন্মোচন কৰা শ্রীআদি শংকৰাচার্যৰ ১২ ফুট উচ্চতাৰ প্রতিমূর্তিটো নির্মাণ কৰি উলিয়াইছে মহীশূৰৰ শিল্পী অৰুণ যোগীৰাজে৷ প্রতিদিনে অতি কমেও ১৪ ঘণ্টাকৈ প্রতিমূর্তি নির্মাণৰ কাম চলাই ৯ মাহৰ মূৰত এই মূর্তিটো সম্পূর্ণ কৰিছে৷ শিল্পী অৰুণ যোগৰাজ এম বি এ ডিগ্রীধাৰী৷ মূর্তিটোৰ ওজন প্রায় ২৮ টন৷

You might also like