অশনি সংকেত দহ বছৰত পানীৰ তলত ডুবিব মুম্বাই–কলকাতা–চেন্নাই
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ মানৱ জাতিৰ বাবে ক্রমান্বয়ে ভয়াৱহ প্রত্যাহ্বান হৈ পৰিছে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন৷ আমি বাস কৰা গ্রহটোলৈ ক্ষণে ক্ষণে অশনি সংকেত কঢ়িয়াই অনা গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে জটিলতৰ ৰূপ ধাৰণ কৰিছে৷ বিশ্বৰ অনেক দেশৰ লগতে ভাৰততো জলবায়ু পৰিৱর্তনে বতৰৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব বুলি সকীয়নি দিছে ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ, চমুকৈ আই পি চি চিয়ে৷ আই পি চি চিয়ে ভাৰতকে ধৰি বিভিন্ন দেশত জলবায়ু পৰিৱর্তনে বতৰৰ অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰি ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি সকীয়নি দিছে৷
ইতিমধ্যে প্রবল বৰষুণ, অস্বাভাৱিক বান, খৰাং আদি প্রত্যক্ষ কৰা হৈছে৷ কৃত্রিম উপগ্রহৰ দ্বাৰা সংগৃহীত বিভিন্ন তথ্যৰ জৰিয়তে এই কথা নিশ্চিত হৈছে যে ভাৰতৰ ৬ বন্দৰ চহৰ প্রতিদিনে পানীৰ তললৈ গৈ আছে৷ প্রতিবেদন মতে, পৰৱর্তী ১০ বছৰৰ ভিতৰত দেশৰ বাণিজ্যিক ৰাজধানী মায়ানগৰী মুম্বাই জলবায়ু পৰিৱর্তনৰ দ্বাৰা ভয়াৱহ ক্ষতিৰ সমুখীন হ’ব৷ ১০ বছৰৰ ভিতৰত মুম্বাইৰ ৬৫ শতাংশ অঞ্চল পানীত ডুব যাব৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে৷ ২০৫০ চনৰ ভিতৰত সাগৰপৃষ্ঠ অধিক বৃদ্ধি পাব৷ পৰিণতিত বিশ্বৰ বিভিন্ন দেশৰ অঞ্চল বিশেষকৈ মাপুচা, কৰাও দ্বীপপুঞ্জ, মালগাঁও, কৰলিন, ডনগ্রীম অধিক ক্ষতিগ্রস্ত হ’ব৷ তেনেদৰে সাগৰপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ অধিক অঞ্চল পানীত ডুব যাব৷ আনপিনে তামিলনাডুৰ ৰাজধানী চেন্নায়ো সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই পানীৰ তলত ডুব যাব৷ চেন্নাইৰ উপৰি চিদাম্বৰম, মহাবালিপুৰম, কল্পক্কম, মাৰাক্কনম, ছুনামপেট, তিৰুপৰিৰ, ভেলাচেৰী আদি ক্ষতিগ্রস্ত হ’ব৷