৩ মাহতে কাবুল দখল কৰিব তালিবানে
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ দিনকদিনে আফগানিস্তানৰ চৰকাৰী বাহিনীক প্রতিহত কৰি উগ্রপন্থী তালিবানে দেশখনৰ ইখনৰ পিছত সিখন চহৰ নিজৰ দখললৈ আনি আছে৷ ইতিমধ্যে প্রাদেশিক ৰাজধানী পাঁচখন নিজৰ দখললৈ অনাৰ পিছত আজি পুনৰ ষষ্ঠখন ৰাজধানী দখললৈ আনিবলৈ সক্ষম হৈছে তালিবান৷
আজি দেশখনৰ বাডাখছানৰ ৰাজধানী ফাইজাবাদ দখল কৰাৰ পিছতেই তালিবানে ৬খন প্রাদেশিক ৰাজধানীৰ নিয়ন্ত্রণ নিজৰ হাতলৈ আনিছে৷ চৰকাৰী সামৰিক বাহিনীক প্রতিহত কৰি দেশখনৰ ৬৫ শতাংশ অঞ্চল তালিবানে নিজৰ দখললৈ অনাৰ পিছত ১১ প্রাদেশিক ৰাজধানীৰ প্রতিও শংকা নামি আহিছে৷ উজ্জীৱিত তালিবানে চৰকাৰী বাহিনীক যিদৰে পৰাভূত কৰি আহিছে, অহা ৩০ দিন কিম্বা ৯০ দিনৰ ভিতৰত দেশখনৰ ৰাজধানী কাবুল নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা বিভাগে চোৰাংচোৱাৰ আধাৰত প্রকাশ কৰিছে যে ৩০ দিন কিম্বা ৯০ দিনৰ ভিতৰতে কাবুল নিজৰ দখললৈ আনিব তালিবানে৷
মন কৰিবলগীয়া যে মাজাৰ–ই–শ্বৰীফত আজি দেশৰ ৰাষ্ট্রপতি আশ্রাফ ঘানি উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে ফাইজাবাদ দখল কৰে তালিবানে৷ ইপিনে, মাজাৰ–ই–শ্বৰীফ দখলৰ দিশে দ্রুতগতিত আগবাঢ়ি আছে উগ্রপন্থী তালিবান৷ তালিবানৰ বিৰুদ্ধে আফগান নেতাসকলক একত্রিত হৈ যুঁজিবলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে আহ্বান জনাইছে৷ উল্লেখ্য যে আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ সেনা প্রত্যাহাৰ কৰাৰ পিছতেই তালিবানে দেশখনৰ ইখন চহৰৰ পৰা সিখন চহৰলৈ নিজৰ দখল বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ আমেৰিকাৰ সেনা প্রত্যাহাৰে তালিবানক সহায় কৰা বুলি চর্চা চলিছে৷ এই সময়তে আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনে আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ বাবে তেওঁৰ কোনো খেদ নাই বুলি আজি প্রকাশ কৰিছে৷ যুদ্ধ বিধ্বস্ত আফগানিস্তানত ক্রমান্বয়ে চৰকাৰী বাহিনী আৰু তালিবানৰ সংঘর্ষ বৃদ্ধি পোৱাত দেশখনৰ পৰা ভাৰতকে ধৰি বিভিন্ন ৰাজ্যৰ নাগৰিকে স্বদেশলৈ ওভতাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷